NORTHEAST NOW (Assamese)

কোভিডত আক্ৰান্ত অভিনেত্ৰী চেতনা দাস সহ তেওঁৰ স্বামী, জি এন আৰ চিত ভৰ্তি

August 28, 2020 4:09 pm · এন ই নাও নিউজ

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ এতিয়াও অসমত নিয়ন্ত্ৰণলৈ অহা নাই।

প্ৰতিদিনে সহস্ৰাধিক লোক এই মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হৈছে। শেহতীয়াকৈ অসমৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু তেওঁৰ স্বামী বিমলানন্দ দাস কোভিডত আক্ৰান্ত হৈছে।

অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ স্বামী কোভিঢিত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া অভিনেত্ৰী গৰাকীৰ অনুৰাগী সকলক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে।

অভিনেত্ৰী চেতনা দাসৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰৰ  পৰা জানিব পৰা মতে কোভিডত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতে অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ স্বামীক গুৱাহাটীৰ জি এন আৰ চি হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমান অভিনেত্ৰী দাসৰ লগতে তেওঁৰ স্বামী সম্পূৰ্ণ স্বাভাৱিক অৱস্থাতে আছে আৰু চিকিৎসকে তেওঁলোক দুয়োৰে স্বাস্থ্যৰ পৰ্যবেক্ষণ কৰি আছে।

‘বনৰীয়া ফুল’ৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ‘ৰত্নাকৰ’লৈ অনেক ছবিত মন পৰশা অভিনয়ৰে দৰ্শকৰ অন্তৰত সুকীয়া স্থান দখল কৰি লোৱা চেতনা দাস আৰু তেওঁৰ স্বামী কোভিডত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছতে গুণমুগ্ধ সকলে দুয়োগৰাকীৰে আশু আৰোগ্য কামনা কৰি ঈশ্বৰক প্ৰাৰ্থনা জনাইছে।

Related News