NORTHEAST NOW (Assamese)
Popular Stories

মুকলিৰ পিছতে বিতৰ্কত বাবুৰ ‘মাজুলী গাভৰু’; ভিডিঅ’ ডিলিট কৰাৰ দাবী সত্ৰাধিকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2019 1:53 pm

জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা এটা গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। ‘মাজুলী গাভৰু’ নামৰ গীতটোত মাজুলীৰ সত্ৰ-সংস্কৃতিক বিকৃতধৰণেৰে উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ আনিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে।

অভিযোগ মতে গীতটোৰ এটা অংশত মাজুলীৰ সত্ৰত মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰা বুলি প্ৰকাশ পোৱাৰ লগতে মহিলাই সত্ৰত প্ৰবেশ কৰাৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰাৰ দৃশ্য দেখুওৱা হৈছে।

ইয়াৰ লগতে দেখা গৈছে এজন ভকতে এগৰাকী মহিলাক লঠিয়াই গুৰিয়াই উলিয়াই দিয়া।

তদুপৰি সত্ৰীয়া পোচাক আৰু মাজুলীৰ মুখা শিল্পৰো বিকৃত উপস্থাপন হোৱাৰ অভিযোগ উত্থাপন হৈছে। গানৰ ভিচিঅ’টোত আছে মাজুলীৰ মুখা পিন্ধি ভিক্ষা খোজাৰ দৃশ্য।

উল্লেখযোগ্য যে যোৱা সোমবাৰে মুক্তি পাইছিল ‘মাজুলীৰ গাভৰু’ শীৰ্ষক বাবুৰ এই গীতটো।

গীতটো মুক্তি লাভৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাজুলীৰ সত্ৰ সমাজে। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ইয়াক দুৰ্ভাগ্যজনক আখ্যা দি ভৱিষ্যতলৈ এনে কামৰ পৰা বিৰত থাকিবলৈ ‘সতৰ্ক’ কৰি দিয়ে।

দেৱগোস্বামীয়ে শিল্পী গৰাকীক ক্ষমা খোজাৰ লগতে য়ুটিউবৰ পৰা গানটো ডিলিট কৰাৰ দাবী জনায়, অন্যথা আইনী ব্যৱস্থা ল’বলৈ ‘বাধ্য হম’ বুলি কয়।