NORTHEAST NOW (Assamese)
অসম

হোমেন বৰগোহাঞিলৈ চিংথুৰ প্ৰকাশন বকলীয়াঘাটৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’

Posted by: এন ই নাও নিউজ January 1, 2019 10:44 am
homen borgohain

ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱা হ’ব ‘ৰংবং তেৰাং সমন্বয় বঁটা’। ৰাজ্যখনৰ বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙৰ জন্মদিনটোত বিগত তিনিটা বছৰৰ পৰা চিংথুৰ প্ৰকাশন বকলীয়াঘাটে এই বঁটা প্ৰদান কৰি আহিছে।

প্ৰথমবাৰৰ বাবে ২০১৭ চনত প্ৰদান কৰা এই বঁটা লাভ কৰিছিল অসমৰ বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ড০ বীৰেন্দ্ৰ নাথ দত্তই। ইয়াৰ পাছৰ বছৰ অৰ্থাৎ ২০১৮ চনত অৰুণাচলৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক এই বঁটা প্ৰদান কৰা হৈছিল।

সোমবাৰে চিংথুৰ প্ৰকাশনৰ বিষয়ববীয়াসকলে এখন সংবাদমেলৰ জৰিয়তে অহা ১২ জানুৱাৰিত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে পুৱা ১০-৩০ বজাত ৰংবং তেৰাঙৰ উপস্থিতিত বৰগোহাঞিক এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, বৰগোহাঞিক নগদ ধনৰ লগতে এই বঁটাত প্ৰদান কৰা হ’ব স্থানীয় লেখকসকলৰ কিতাপৰ টোপোলা, প্ৰশস্তি-পত্ৰ, জাম্বিলী আথন, পহ’, জাম্বৰং আদি কৰি বিভিন্ন কাৰ্বি জাতীয় সাজপাৰ।

ইফালে উক্ত বঁটা প্ৰদান অনুস্থানতে বিশ্বজ্যোতি হাজৰিকাৰ দ্বাৰা সম্পাদিত ‘ৰংবং তেৰাঙৰ প্ৰবন্ধ সংকলন’ৰ তৃতীয় খণ্ড আৰু ভবেন কোচৰ শিশু উপন্যাস ‘পৃথিৱীৰ অতিথি’ উন্মোচন কৰা হ’ব বুলি জানিবলৈ দিয়ে।