NORTHEAST NOW (Assamese)
Popular Stories

ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমানৰ সৈতে কেনেকৈ, কি সূত্ৰে জড়িত অসমৰ প্ৰতিভাৱান যুৱক সৌৰভ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2020 9:53 am
ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেল যুদ্ধ বিমানৰ সৈতে কেনেকৈ, কি সূত্ৰে জড়িত অসমৰ প্ৰতিভাৱান যুৱক সৌৰভ?

ফ্ৰান্সৰ পৰা কালি আহি হাৰিয়ানাৰ আম্বালাত অৱতৰণ কৰিছে ৰাফেলৰ পাঁচখন যুদ্ধ বিমান।

এই ৰাফেল যুদ্ধ বিমানৰ সৈতে নাম জড়িত হৈ পৰিছে অমসৰ এগৰাকী যুৱকৰ।

যুৱকজন হ’ল চিৰাং জিলাৰ বাসুগাঁৱৰ থ্ৰীডি আৰ্টিষ্ট ২২ বছৰীয়া সৌৰভ চৌৰডিয়া।

এই সৌৰভেই ৰাফালে যুদ্ধ বিমানৰ পাইলটসকলৰ জি-চ্যুটৰ বেজ তৈয়াৰ কৰি দেশ জুৰি খ্যাতি লাভ কৰিছে।

ৰাফেল যুদ্ধ বিমানৰ ১৭ গ’ল্ডেন স্কোৱাড্ৰেনৰ জি-চ্যুটত সংগলগ্ন দুটি ল’গো তথা প্ৰতীক তৈয়াৰ কৰিছে অসমৰ যুৱক সৌৰভে।

কম্পিউটাৰ আৰ্ট আৰু একচন চিনেমাৰ ভক্ত সৌৰভে ইয়াৰ পূৰ্বে ভাৰতীয় বায়ু সেনা বাহিনীৰ বাবে বিভিন্ন বেজ, নক্সা, ল’গো আদি তৈয়াৰী কামত জড়িত আছিল।

ইয়াৰ পিছতে সৌৰভে ভাৰতীয় বায়ু সেনাৰ ৰাফেল বিমানৰ পাইলটৰ বাবে দুটা বেজ তৈয়াৰ কৰাৰ দায়িত্ব লাভ কৰে।

“বায়ু সেনাৰ নিজস্ব প্ৰতীকৰ মান অক্ষুণ্ণ ৰাখিবলৈ আমাক কোৱা হৈছিল। স্কোৱাড্ৰনৰ প্ৰতীক ৰাখি ৰাফেলকো গুৰুত্ব দিব লাগিব বুলি কৈছিল।” সৌৰভে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

নয়ডা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক সৌৰভ বৰ্তমান দিল্লীস্থিত এটা ‘থ্ৰীডি গেমিং’ প্ৰতিষ্ঠানত কৰ্মৰত।

ইয়াৰ পূৰ্বে সৌৰভে বায়ু সেনাৰ বাবে বিভিন্ন ল’গো, প্ৰতীক, পাছ, নক্সা তৈয়াৰ কৰাৰ সমান্তৰালভাৱে এভিয়েশ্যন আৰ্ট, গ্ৰাফিক্স, থ্ৰীডি মডেল আদিয়ো তৈয়াৰ কৰি আহিছে।