NORTHEAST NOW (Assamese)

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ কোনোপধ্যে নহয়: অখিল গগৈ

January 13, 2019 7:48 pm · কল্পজ্যোতি শইকীয়া
Updated: January 13, 2019 9:01 pm
অখিল গগৈ। ফাইল ছবি।

ভাৰতৰ ইতিহাসত কেতিয়াও কোনোপধ্যেই ৬টা জনগোষ্ঠীক দিয়া নহ’ব জনজাতিকৰণ। দেওবাৰে সংবাদমেলযোগে এই ঘোষণা অখিল গগৈৰ।

‘এইবাৰ সংসদত কোনোধৰণৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো উত্থাপন নহয় বুলি কালি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।‘ ক’লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সৰ্বানন্দ সোণোৱালক “ধমক দি” অসমৰ পৰা হিমন্ত আৰু সৰ্বাক লগত লৈ দিল্লীলৈ গৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিধেয়কখন নহাৰ সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিলে বুলি সংবাদমেলত সদৰী কৰে গগৈয়ে।

কোনোপধ্যেই আগন্তুক অধিৱেশনত জনজাতিকৰণৰ বিষয়টো উত্থাপন নহয় বুলি দাবী কৰি অখিলে কয়, ‘এইটো এটা ‘খাটাং’ খবৰ, কোনো লুক-ঢাক নাই।‘

এনেকুৱা পৰিস্থিতিত ৬টা জনগোষ্ঠীৰ নেতৃত্বক আহ্বান জনাই অখিলে কয়, ‘এই সময়ত তেওঁলোক মনে মনে বহি থকাটো উচিত নহ’ব। তেওঁলোক সংগ্ৰামৰ বাবে ওলাই আহিব লাগে।‘

একেখন সংবাদমেলতে উত্তৰ-পূবৰ আইন-শৃংখলা পৰিস্থিতি চৰম নিয়ন্ত্ৰণহীন হ’ব বুলিও গগৈয়ে ঘোষণা কৰে।

‘এটা কথা খাটাংকৈ কেন্দ্ৰীয় চৰকাৰক জনাই দিয়া হৈছে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব, এইটো একেবাৰে ১০০ শতাংশই খাটাং।’

তদুপৰি দীৰ্ঘসময় ধৰি বিধেয়কখনৰ বিৰুদ্ধে সবল প্ৰতিবাদ কৰি লোকসভাত গৃহীত হোৱাৰ পাছত বিধেয়কখনৰ সন্দৰ্ভত নীৰৱ ভূমিকা লোৱা অতুল বৰাকে ধৰি বিজেপিৰ নেতাসকল মনে-মনে বহি থকাটো অতি দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰে গগৈয়ে।

অখিলৰ মতে ‘দিচপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে বহু লম্ফ-জম্ফ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে জাতিৰ স্বাৰ্থত ওলাই আহিব পৰা নাই।’

অতুল বৰাৰ লম্ফ-জম্ফবোৰ এতিয়ালৈকে কাৰ্য্যকৰী হোৱা নাই বুলি দাবী কৰি অখিলে লগতে কয়, ‘মন্ত্ৰীসভাত আসন পাওঁ বুলি চাগে মাত মতা নাই। মন্ত্ৰীসভাত আসন নাপালেই আকৌ মাত মাতিব অতুল বৰাই।‘

তদুপৰি, উক্ত সংবাদমেলৰ জৰিয়তে জাতি-মাটি আৰু দেশক ভালপোৱা সকলো বিজেপিৰ বিধায়কক দল ত্যাগ কৰি ওলাই আহিবৰ বাবে অখিলে আহ্বান জনায়।

Related News