NORTHEAST NOW (Assamese)

যোৰহাটত ধৰা পৰিছে অসমৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্ত

March 21, 2020 10:30 pm · স্মিতা ভট্টাচাৰ্য
Updated: March 21, 2020 10:37 pm
প্ৰতিনিধিত্বমূলক ছবি

বিশ্বত্ৰাস সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছে এইবাৰ অসম পালেহি।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ কৰাটিয়ে যোৰহাটৰ এটি চাৰে চাৰিবছৰীয়া শিশুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ বীজাণু ধৰা পৰা কথা নিশ্চিত কৰিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰীক্ষাগাৰত সম্পন্ন হোৱা নমুনাৰ টেষ্টত শিশুটিৰ শৰীৰত ক’ৰ’না ভাইৰাছ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

জিলা উপায়ুক্ত গৰাকীয়ে শিশুটিৰ শৰীৰ সংগৃহীত নমুনা পুনৰবাৰ পৰীক্ষা কৰিবলৈ ডিব্ৰুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছি বুলিও জানিবলৈ দিছে।

যোৰহাট জিলাৰ পুলিবৰৰ শিশুটিয়ে মাতৃ আৰু ভগ্নীৰ সৈতে বিহাৰৰ পৰা যোৱা ১৯ মাৰ্চত ৰেইলযোগে যোৰহাটলৈ আহিছিল। এইদৰে কয় জিলা উপায়ুক্ত গৰাকীয়ে।

উল্লেখ্য যোৱা ২০ মাৰ্চত আশা কৰ্মী, এ এন এম নাৰ্ছ আৰু এম পি ডব্লিউ কৰ্মীয়ে আক্ৰান্ত শিশুটিৰ ঘৰলৈ গৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ আটাইকেইগৰাকী নি শৰীৰৰ নমুনা সংগ্ৰহ কৰিছিল।

পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰাৰ পিছত আজি শিশুটি শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে চিকিৎসকে।

ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ সদস্যসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আইচ’লেশ্যন কক্ষলৈ প্ৰেৰণ কৰা হৈছে।

Related News