NORTHEAST NOW (Assamese)
Popular Stories

চীন আৰু ইটালীত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বহুসংখ্যক চিকিৎসা কৰ্মীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 9:23 pm
02_coronavirusbody_1197870977

‘আমি আমাৰ চিকিৎসা কৰ্মীসকলক সুৰক্ষিত কৰা প্ৰয়োজন আছিল; ইউৰোপে একেটা ভুলকে কৰিছে, যিটো আমি য়ুহানত কৰিছিলো।’ চীনৰ চিকিৎসকৰ ভাষ্য এয়া।

উল্লেখ্য যে চীনৰ য়ুহানত প্ৰথম ক’ৰ’না ভাইৰাছত আক্ৰান্তক চিন্তাক্ত কৰাৰ পিছত চীনেই এই ভাইৰাছক  সহজভাৱে গ্ৰহণ কৰা দেখা গৈছিল।

য়ুহান চহৰত উক্ত ভাইৰাছবিধ ধৰা পৰাৰ পিছত য়ুহানৰ চিকিৎসকসকলে এই মাৰাত্মক ভাইৰাছ বিধক প্ৰতিৰোধ কৰাতকৈ ইয়াৰ বিষয়ে অভিজ্ঞতা আহৰণত বেছি গুৰুত্ব প্ৰদান কৰিছিল।

যাৰবাবে বহু চিকিৎসক আৰু চিকিৎসা কৰ্মী এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিব লগা হ’ল। এই ভাষ্য পিকিং ইউনিয়ন মেডিকেল কলেজৰ অধ্যাপক উ ডঙৰ।

ডঙে আৰু কয় এ ইউৰোপৰ চিকিৎসকলেও প্ৰথমাৱস্থাত একেটা ভুলকে কৰিলে।

উল্লেখ্য যে চীনত ৩,৪০০ ৰো অধিক চিকিৎসা কৰ্মী মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ৯০০ ৰো অধিক মৃত্যু হৈছে।

ইফালে ইটালীটো বহুসংখ্যক চিকিৎসা কৰ্মী এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। দেশখনত বৰ্তমানলৈকে ২৬২৯ চিকিৎসা কৰ্মী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৩ জনৰ।