NORTHEAST NOW (Assamese)

হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পৰিৱেশন হ’ব অসমৰ সত্ৰীয়া নৃত্য

November 22, 2018 11:25 am · এন ই নাও নিউজ

ভুবনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অহা ২৭ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা পুৰুষৰ হকী বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত এইবাৰ পৰিৱেশিত হ’ব অসমৰ সত্ৰীয়া নৃত্য।

উল্লেখযোগ্য যে উড়িষ্যাৰ ৰাজধানী চহৰস্থিত কালিংগা ষ্টেডিয়ামত অহা ২৮ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰৰ লৈকে ১৪ সংখ্যক হকী বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

সেই উপলক্ষে ২৭ নৱেম্বৰত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দিক্ষীত নেনেক কেন্দ্ৰীয় চৰিত্ৰ ধৰিত্ৰী হিচাপে লৈ নূপুৰ মহাজনৰ প্ৰডাকশ্বনৰ অধীনত উপস্থাপন হ’বলগা ‘দ্য আৰ্থ ছং’ শীৰ্ষক অভিনৱ অনুষ্ঠান।

এক ঐক্যবদ্ধ বিশ্বৰ শক্তিৰ বাৰ্তাৰে শ্বিয়ামক ডাবৰে কৰিঅ’গ্ৰাফী কৰিব লগীয়া ৪০ মিনিটৰ উক্ত অনুষ্ঠানটোত মাধুৰীৰ সৈতে থাকিব ১,১০০ গৰাকী অন্যান্য শিল্পী।

অসমৰ সত্ৰীয়া নৃত্যৰ উপৰি ‘দ্য আৰ্থ ছঙ’ৰ বাৰেৰহণীয়া কাৰ্যসূচীত সমাহাৰ ঘটিব ধ্ৰুপদী, জাজ, বেলে, এফ্ৰো ওডিছী, ম’হিনিয়াট্ৰম কথক আদিৰ ওপৰত আধাৰিত ভিন্ন কাৰ্যসূচী।

Related News