NORTHEAST NOW (Assamese)

২০১৯ৰ পৰা বংগ বিজেপিৰ সভাপতিৰ সম্পত্তিৰ ১১৪% শ্ৰীবৃদ্ধি

April 17, 2024 5:29 pm ·
Updated: April 17, 2024 5:31 pm

আগন্তুক লোকসভা নিৰ্বাচনত বালুৰঘাট আসনৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰা ভাৰতীয় জনতা পাৰ্টিৰ বংগৰ সভাপতি সুকান্ত মজুমদাৰৰ ধন-সম্পত্তি ২০১৯ চনৰ পৰা ১১৪ শতাংশ বৃদ্ধি পাইছে।এনডিটিভিৰ প্ৰতিবেদন অনুসৰি তেওঁৰ নিৰ্বাচনী শপতনামাৰ বিশ্লেষণৰ পৰা এই তথ্য পোহৰলৈ আহিছে।এইবোৰৰ বাহিৰেও বিগত লোকসভা নিৰ্বাচনৰ পাছত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দাৰ্জিলিঙৰ বৰ্তমানৰ বিজেপি সাংসদ ৰাজু বিষ্টাৰ সম্পত্তি ২১৫ শতাংশ বৃদ্ধি পাইছে।

লগতে পঢ়ক: ভোট দিয়াৰ আগতে এবাৰ ভাবি চাওঁ আহক

পশ্চিম বংগৰ তিনিটা সমষ্টি – দাৰ্জিলিং, বালুৰঘাট আৰু ৰায়গঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৪৭ জন প্ৰাৰ্থীৰ শপতনামা বিশ্লেষণ কৰি পশ্চিম বংগ ইলেক্সন ৱাচ্চ আৰু এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) শপতনামা বিশ্লেষণ কৰিছে, য’ত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: মেৰাপানীৰ মহিলাগৰাকীৰ কিয় খং উঠিছিল?

২০১৯ চনৰ নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামা অনুসৰি বিষ্টাৰ হাতত আছিল ১৫ কোটিৰো অধিক সম্পত্তি।তদুপৰি প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত মজুমদাৰে ৫৮.২৫ লাখ টকাৰ সম্পত্তি ঘোষণা কৰিছিল, যিটো ২০২৪ চনত ১.২৪ কোটি টকালৈ বৃদ্ধি পাইছে।

Related News