• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট দিয়াৰ আগতে এবাৰ ভাবি চাওঁ আহক

অজিত কুমাৰ ভূঞা, সভাপতি, অসম নাগৰিক সমাজ, পৰেশ মালাকাৰ, আহ্বায়ক,ভাৰত জোড়ো অভিযান, অসম

by
April 17, 2024 4:44 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ আগেয়ে উজনিৰ ভোটাৰ সকললৈ আমি এটি আবেদন কৰিব বিচাৰিছোঁ। আমি দুটা কথা লক্ষ্য কৰা উচিত। এটা হ’ল, দেশখনত বিজেপিয়ে যোৱা দহটা বছৰে কি কৰিলে? তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কি আৰু তেওঁলোকে কৰিলে কি! তেওঁলোকে কৈছিল প্ৰতি বছৰে ২ কোটি লোকক কৰ্ম সংস্থান দিব, পেট্ৰলৰ মূল্য ৫০ টকা কৰিব, মূল্যবৃদ্ধি কমাব, বিদেশৰ পৰা ক’লা ধন আনি ৰাইজক বিলাই দিব, কৃষকৰ আয় দুগুণ কৰিব, অসমৰ পৰা ১৬ মে’, ২০১৪ ৰ পিছদিনাই বিদেশী নাগৰিকক আঁতৰাই পঠিয়াব, মহিলাক সুৰক্ষা দিব আৰু কত কি প্ৰতিশ্ৰুতি আৰু আশ্বাস যে নিদিছিল তেওঁলোকে! কিন্তু, বাস্তৱত কি কৰিলে ? সকলো ফুটুকাৰ ফেন।

চাকৰি দিব ক’ত, থকা চৰকাৰী চাকৰিৰো আধা কাটিলেহে আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ আদানি-আম্বানীক গটাই দি আমাৰ ল’ৰা-ছোৱালীৰ পেটৰ ভাত কাঢ়ি নিলে।আমি এতিয়া পেট্ৰল কিনো ৯৬ টকাত। ক’লা ধনৰ কথা উলিয়ালে বিজেপিৰ মানুহে মুখ ইফাল সিফাল কৰে। কথা আছিল কৃষকৰ আয় দুগুণ কৰাৰ। কিন্তু আদানি-আম্বানীৰ স্বাৰ্থত তিনিখন কৃষি আইন আনি কৃষকৰ কি দুৰ্দশা কৰিলে আমি সকলোৱে দেখিলোঁ। ৰাস্তা খান্দি, ৰাস্তাত গঁজাল পুতি কৃষকক দিল্লীত সোমাবলৈকে নিদিলে তেওঁলোকে। অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব ক’ত, ‘কা’ আনি বিদেশীক বৰ পীৰা পাৰিহে দিলে।আৰু মহিলাৰ সুৰক্ষা!

মণিপুৰ জ্বলি শেষ হৈ গ’ল। মহিলাক উলংগ কৰি তাত ৰাস্তাত ঘূৰাই ফুৰালে। কিমান মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ’ল। মোদী নিমাতে থাকিল। আজিলৈকে তেওঁ মণিপুৰমুৱা নহ’ল। মহিলা মল্লযোদ্ধা সকলক কেনেকৈ নাগুৰ-নাকটি কৰিলে তাকো আমি দেখিলোঁ।।আৰু কি কৈছিল, দেশ ভ্ৰষ্টাচাৰ মুক্ত কৰিব! এইবোৰ কথা এতিয়া ক’বলৈও লাজ লাগে, শুনিবলৈও লাজ লাগে। ইডি-চিবিআইৰ ভয় খুৱাই বা চান্দাৰ বিনিময়ত ঠিকা দি বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ যোগেদি কোম্পানীবোৰৰ পৰা ৬০০০ কোটিতকৈও বেছি ধন আদায় কৰি ল’লে। ঔষধৰ কোম্পানীৰ পৰা নিৰ্বাচনী বণ্ডৰ যোগেদি ধন লৈ তেওঁলোকক জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ অনুমতি দিলে ৷আৰু দুনীয়াৰ ভ্ৰষ্টাচাৰী, দুৰ্নীতি পৰায়ণ বিৰোধী নেতা বিজেপিলৈ আনি ওৱাচিং মেচিনত দি চাফা কৰি ল’লে।শুদ্ধিকৰণ কৰিলে।ইয়াতকৈ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কি কৰিব লাগিছে? কথাৰ ফুলজাৰি কিমান চাব? অথচ ধাৰ নল’লে কৰ্মচাৰীক দৰমহা দিব নোৱাৰে। এতিয়া কি বিষয় লৈ বিজেপি জনসাধাৰণৰ ওচৰলৈ গৈছে ? একো নাই।কেৱল মিথ্যাচাৰ, কুৎসা ৰটনা, ব্যক্তিগত চৰিত্ৰহনন আৰু ধৰ্মীয় আবেগ।
যোৰহাটত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৌৰৱ গগৈয়ে এইবোৰ কথাই সংসদত বীৰদৰ্পে দাঙি ধৰি অসমৰ নহয়, ভাৰতৰে ৰাইজৰ চকু মকলি কৰি দিছিল মোদীৰ অপশাসনৰ বিষয়ে।আজি আমি সিদ্ধান্ত ল’ব লাগিব যে এনে এজন যোগ্য প্ৰাৰ্থীক ভোট দিম নে এজন নিবোকা চামোন অযোগ্য প্ৰাৰ্থীক ভোট দিম৷ ডিব্ৰুগড়ৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী লুৰীনজ্যোতি গগৈয়ে কা আন্দোলনত বলিষ্ঠ নেতৃত্ব দিছিল।গতিকে এজনক বিজেপিৰ ব্যভিচাৰৰ বাবে আৰু আনজনক আমাৰ জাতীয় পৰিচয়ৰ বাবে উজনিৰ ৰাইজে ভোট দিয়ক।বাকী সমষ্টি বোৰতো বিজেপিৰ বিৰুদ্ধে উঠা আটাইতকৈ শক্তিশালী প্ৰাৰ্থী গৰাকীক ভোট দিবলৈ আমি অনুৰোধ কৰিলোঁ।

Apply Now

উজনিলৈ আৰু এটা ডাঙৰ সংকট আহিছে।এইখন বিজেপি চৰকাৰৰ মন্ত্ৰী, এম এল এ বোৰে নিজৰ নামত/ আনৰ নামত এখনৰ পিছত এখনকৈ চাহ বাগানবোৰ কিনি তাত অন্য উদ্যোগ স্থাপন কৰাৰ পাং পাতিছে। বাগানৰ মজুৰি বৃদ্ধি দূৰৈৰ কথা, কোনো কোনো চাহ বাগিছাৰ শ্ৰমিকে আজি কেইবামাহো ধৰি বেতনেই পোৱা নাই। বাগিছাবোৰ বন্ধ হ’লে চাহ শ্ৰমিকৰ কি অৱস্থা হ’ব? তেওঁলোক ক’লৈ যাব? ভোট দিয়াৰ আগতে বাগানৰ মানুহে এইবোৰ কথা ভাবি নাচালে নিগমে মৰিব।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd