NORTHEAST NOW (Assamese)
Popular Stories

বগীবিল দলঙৰ তলৰ পৰা উদ্ধাৰ সহকাৰী অভিযন্তাৰ নশ্বৰ দেহ; চৰম পন্থা বাচি লোৱাৰ সন্দেহ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 12:02 pm

দেওবাৰে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ তলৰ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ হয় সহকাৰী অভিযন্তা সত্যজিৎ শইকীয়াৰ মৃতদেহ।

বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা শইকীয়াই দলঙৰ পৰা জপিয়াই চৰম পন্থা বাছি লোৱা বুলি জানিব পৰা গৈছে।বগীবিল দলঙৰ উত্তৰ দিশত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ বাহনখন।

ঘটনাস্থলীত এখন ছুইচাইড নোট উদ্ধাৰ কৰা হয়, য’ত শইকীয়াই তেওঁৰ কঠোৰ পদক্ষেপৰ কাৰণত “Wuthout Reason” বুলি উল্লেখ কৰে।

ডিব্ৰুগড় আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ কি পৰিস্থিতিৰ বিষয়ে জানিবলৈ এই ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।