NORTHEAST NOW (Assamese)

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে

February 21, 2024 4:55 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

জ্যোতিৰ্বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। ই মূলতঃ কৃষ্ণগহ্বৰৰ দ্বাৰা শক্তিচালিত এটি কোৱাছাৰ। ই অতি দূৰৈৰ আকাশী পদাৰ্থ যিয়ে বিপুল পৰিমাণৰ শক্তি বিকিৰণ কৰে। টেলিস্কোপত কোৱাছাৰ এটা তৰাৰ দৰে দেখা যায় যদিও ইয়াৰ পৰা বৃহৎ পৰিমাণৰ ৰেডিঅ’ তৰংগ বিকীৰণ হয়।

বিজ্ঞানীসকলে কয় যে তেওঁলোকে আৱিষ্কাৰ কৰা কোৱাছাৰটো চলাই থকা কৃষ্ণগহ্বৰটোৱে এদিনতে সূৰ্য্যক ভক্ষণ কৰিব পাৰে। বিজ্ঞানীসকলে দাবী কৰিছে যে ইমান দ্ৰুতগতিত বৃদ্ধি পোৱা কৃষ্ণগহ্বৰ ইয়াৰ আগতে পোৱা নাছিল।

বিজ্ঞানীসকলে কয় যে বিশ্বব্ৰহ্মাণ্ডৰ বহু দূৰত অৱস্থিত এই কোৱাছাৰ খালী চকুৰে দেখা নাযায়। কিন্তু ই সূৰ্যৰ পোহৰতকৈ ৫০০ ট্ৰিলিয়ন গুণ উজ্জ্বল।

লগতে পঢ়কঃ Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

অষ্ট্ৰেলিয়াৰ বিজ্ঞানীসকলে প্ৰথমে এই কোৱাছাৰটো আৱিষ্কাৰ কৰে। ইয়াৰ ভৰ সূৰ্য্যতকৈ ১৭ বিলিয়ন বা ১ হাজাৰ ৭০০ কোটি গুণ বেছি। এই কোৱাছাৰৰ পৰা নিৰ্গত পোহৰ পৃথিৱীত উপনীত হ’বলৈ ১২০০ বিলিয়ন বছৰ বা ১ হাজাৰ ২০০ কোটি বছৰৰো অধিক সময় লাগে।

অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি (ANU)ৰ বিজ্ঞানীসকলে তেওঁলোকৰ ২.৩ মিটাৰ টেলিস্কোপ ব্যৱহাৰ কৰি প্ৰথমে এই কোৱাছাৰটো আৱিষ্কাৰ কৰে। তেওঁলোকে বিশ্ববিদ্যালয়খনৰ চাইডিং স্প্ৰিং মানৱ নিৰীক্ষণ কেন্দ্ৰৰ টেলিস্কোপ ব্যৱহাৰ কৰে। পিছত ইউৰোপীয় দক্ষিণ মানৱ নিৰীক্ষণ কেন্দ্ৰৰ (ESO) ভেৰী লাৰ্জ টেলিস্কোপৰ সহায়ত তেওঁলোকে কোৱাছাৰটোৰ বিষয়ে নিশ্চিত কৰে।

লগতে পঢ়কঃ `গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

এ এন ইউ, ই এছ অ’ৰ বিজ্ঞানীসকলৰ গৱেষণা পত্ৰখন নেচাৰ এষ্ট্ৰ’নমি জাৰ্ণেলত প্ৰকাশ পাইছে। 

Related News