NORTHEAST NOW (Assamese)

Fire Mishap At Night Club In Thailand: থাইলেণ্ডৰ নৈশ ক্লাৱত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত নিহত কমেও ১৩ জন

August 5, 2022 2:57 pm · এন ই নাও নিউজ, গুৱাহাটী

Fire Mishap At Night Club In Thailand থাইলেণ্ডৰ এটা নৈশ ক্লাবত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত কমেও ১৩ জন লোক নিহত হয় আৰু আন ৩৫ জন আহত হৈছে। বৃহস্পতিবাৰে মাজনিশা বেংককৰ দক্ষিণ-পূবৰ নৈশ ক্লাবত ঘটনাটো সংঘটিত হয়।

বাতৰি অনুসৰি, ৰাজধানী বেংককৰ দক্ষিণ-পূবত থাইলেণ্ডৰ চোনবুৰি প্ৰদেশৰ এটা নৈশ ক্লাবত বৃহস্পতিবাৰে ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।

লগতে পঢ়ক: Love in the time of War: দেশত চলিছে যুদ্ধ; ভাৰতলৈ আহি বিবাহপাশত আৱদ্ধ হ’ল ৰাছিয়া-ইউক্ৰেইনৰ প্ৰেমিক যুগল

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে এই ঘটনাত ১৩ জন লোক নিহত  আৰু ৩৫ জন লোক আহত হয়।

নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত নিহত সকলোৱে থাই নাগৰিক বুলি কোৱা হৈছে।

লগতে পঢ়ক: Monkeypox: মাঙ্কিপক্সৰ মাৰাত্মক সংক্ৰমণ! ৰাজহুৱা স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা আমেৰিকাৰ

ইপিনে, বেংকক পোষ্টৰ মতে এই অগ্নিকাণ্ডত নিহত ১৩ জন লোকৰ ভিতৰত  ৯ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। আন ৪১ জন লোক আহত হৈছে।

Related News