NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা January 23, 2021 8:43 am
VideoCapture_20210123-074110

নগাঁও জিলাৰ পুৰণিগুদামৰ তেলীয়াগাঁৱত শুকুৰবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন তীৰ্থযাত্ৰীৰ বাছ।

কলিয়াবৰ অভিমূখী AS-01GC-5873 নম্বৰৰ এখন কয়লা ভৰ্তি ট্ৰাকৰ সৈতে গুৱাহাটী অভিমূখী AS-01GC-3949 নম্বৰৰ এখন আল্ট্ৰা বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় প্ৰায় কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী।

স্থানীয় ৰাইজৰ সহযোগত অতি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত প্ৰায় সাত জনকৈ তীৰ্থযাত্ৰীক ততাতৈয়াকৈ চামগুৰিস্থিত চৰকাৰী চিকিৎসালয়লৈ নিশাই প্ৰেৰণ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, প্ৰায় চল্লিশ গৰাকী তীৰ্থযাত্ৰী লৈ নিশা শিৱসাগৰৰ পৰা কামৰূপৰ মিৰ্জালৈ উভতি গৈছিল আল্ট্ৰা বাছখন।

ইপিনে দুৰ্ঘটনাটোৰ ফলত নিশা কেইবা ঘণ্টা ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰে সহস্ৰাধিক যানবাহন।

অৱশ্যে পৰৱৰ্তী সময়ত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি।