NORTHEAST NOW (Assamese)
Popular Stories

বৰাক উপত্যকাৰ তিনি জিলাত ভয়ংকৰ ভূমিস্খলনত শিশু-মহিলাসহ ২০ জনৰ মৃত্যু

Posted by: ৰাহুল চক্ৰৱৰ্তী Updated by: ৰাহুল চক্ৰৱৰ্তী June 2, 2020 2:55 pm
IMG-20200602-WA0022

একেটা দিনতে বৰাক উপত্যকাৰ তিনি জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে শিশু-মহিলাসহ ২০ জনকৈ লোকে।

কাছাৰ আৰু হাইলাকান্দিত ৭ জন আৰু কৰিমগঞ্জত প্ৰাণ হেৰুৱাইছে ৬ জনকৈ লোকে।

মঙ্গলবাৰ পুৱা হাইলাকান্দিৰ দুটা স্থানত ভূমিস্খলনত মৃত্যু হয় ৭ গৰাকী ব্যক্তিৰ। ইয়াৰ ভিতৰত আছে একেটা পৰিয়ালৰ ৫ সদস্য। মৃতসকলৰ ভিতৰত আছে ৪ টা শিশু।

হাইলাকান্দি জিলাৰ ভটৰবজাৰ আৰু মোহনপুৰ(আৰ এ)ত সংগঠিত হৈছে এই ঘটনা।

এই ভূমিস্খলনত আহত হৈছে আন ৫ জন ব্যক্তি। মৃত্যু হোৱা ব্যক্তিসকলক ভটৰবজাৰৰ কুটন মিঞা লস্কৰ(৪০) জুলফা বেগম (৩৫) নাজিৰা বেগম(৪) হাজিৰা বেগম(৬)  ফুতুলি বেগম(৩) মতিউৰ ৰহমান লস্কৰ (৬০) আৰু মোহনপুৰৰ চান্দ মনি মাল(৫) বুলি চিনাক্ত কৰা হৈছে। আহত সকলক ইতিমধ্যে উন্নত চিকিৎসাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, কাছাৰৰ জয়পুৰতো সংঘটিত ভয়াৱহ ভূমিস্খলনত মৃত্যু হৈছে ৭ জনকৈ লোকৰ।

পুৱতি নিশা জয়পুৰৰ কলাৰপাৰত সংঘটিত হৈছে এই ঘটনা৷ ধাৰাষাৰ বৰুষণৰ ফলত  পাহাৰত ভূমিস্খলন ঘটিছে৷ কেইবাটাও বাসগৃহ পাহাৰৰ খহি পৰা মাটিৰে পুতি পেলাইছে।

জানিব পৰা মতে এতিয়ালৈকে দুজন মহিলাসহ ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে।

মাটিৰ তলত আৰু মৃতদেহ থকাৰ  সন্দেহ কৰা হৈছে৷ উদ্ধাৰ হোৱা মৃত ব্যাক্তি কেইজন তাজিম উদ্দিন লস্কৰ(৪৫), আলিয় বেগম(২০) , আলম উদ্দিন(১৮),  আৰিফ উদ্দিন(১৭) , আমোনা বেগম (১৪), ছুমনা বেগম(১২) আৰু ৰেহিম উদ্দিন(8)। নিহত আটাইকেইজনেই একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে।

আনফালে, কৰিমগঞ্জতো হৈছে ভূমিস্থলন। ভূমিস্থলনৰ ফলত শুই থকা অৱস্থাত মৃত্যু হৈছে একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ সৈতে মুঠ ৬ জন লোকৰ।

কৰিমগঞ্জৰ কালীগঞ্জ এলেকাৰ কৰিমপুৰ ১০ নম্বৰ ৱাৰ্ডত সংগঠিত হৈছে ঘটনা। মৃত্যু হৈছে ঘৰৰ গৰাকী আজিৰ উদ্দিন৫৭) সৈতে পত্নী ৰাজিয়া বেগম(৪০) তেওঁলোকৰ দুই পুত্ৰ আফতাৰ  হুছেইন (১০), আনোৱাৰ উদ্দিন(৭)আৰু একমাত্ৰ কন্যা তাহেৰা বেগম(৫)। আৰু জয়নব বিবি(১৪)অন্য এগৰাকী কিশোৰীৰো মৃত্যু ঘটিছে ভূমিস্খলনত। আৰু গুৰুতৰভাৱে আহত হোৱা এজন লোকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইপিনে ভূমিস্খলনৰ খবৰ পাই আজি হাইলাকান্দিত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰী গৰাকীয়ে নিহতসকলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।