NORTHEAST NOW (Assamese)
Popular Stories

নিজ চৰকাৰৰ কৃতিত্ব প্ৰচাৰৰ বাবে অতি শীঘ্ৰেই ১৩ টা ভাষাত আলোচনী প্ৰকাশ কৰিব মোদী চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 4:21 pm
index.jpg34

নৰেন্দ্ৰ মোদী চৰকাৰে এক বিশেষ আঁচনি প্ৰস্তুত কৰিছে।

এই আঁচনিৰ অনুসৰি মোদী চৰকাৰৰ বিভিন্ন কামৰ খটিয়ান তথা কৃতিত্ব প্ৰচাৰৰ বাবে দেশৰ ১৩ টা ভাষাত এখন বিশেষ আলোচনী প্ৰকাশ কৰা হ’ব।

ৰাষ্ট্ৰীয় সংবাদ পত্ৰ দ্য প্ৰিণ্টৰ মতে আলোচনীখনত মোদী চৰকাৰৰ বিভিন্ন কাম তথা আঁচনিৰ শ্ৰেষ্ঠাংশ, সফলতা আৰু পদক্ষেপসমূহক স্থান দিয়া হ’ব।

চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে নিউ ইণ্ডিয়া সমাচাৰ শীৰ্ষক আলোচনীখন যোগাযোগ আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত ব্যু অৱ আউট্ৰেক কমিউনিকেশ্যন(BOC)এ এক নিৰ্দিষ্ট সময়সীমাৰ মূৰে মূৰে প্ৰকাশ কৰিব।

হিন্দী আৰু ইংৰাজীৰ লগতে দেশৰ ১৩ টা আঞ্চলিক ভাষাত প্ৰকাশ পাব লগীয়া এই আলোচনীখন ভাৰতীয় বাতৰি কাকত পঞ্জীয়ক( RNI)এ ইতিমধ্যে ভেৰিফিকেশ্যন কৰিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে।

‘পৰিকল্পনাৰ মতে জুনৰ ১ তাৰিখে আলোচনীখন উলোৱা কথা আছিল। কিন্তু ক’ৰ’নাতংকৰ বাবে পলম হৈছে।’ সূত্ৰটোৱে এইদৰে কয়।

আলোচনীখন দেশৰ ২.৫ লাখ পঞ্চায়তলৈ প্ৰেৰণ কৰি বিতৰণ কৰা হ’ব।

আনহাতে দেশৰ শিক্ষানুষ্ঠানসমূহলৈও প্ৰেৰণ কৰা হ’ব এই আলোচনীখন।