NORTHEAST NOW (Assamese)

পেটত পৰা লগে লগে জ্বলা-পোৰা, বিষ, বমি : তামিলনাডুত মদ খাই মৃত্যু কমেও ২৯ জনৰ

June 20, 2024 10:27 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

তামিলনাডুত সংঘটিত হৈছে এক ভয়ানক ঘটনা। সুৰাৰ বিষক্ৰিয়া হৈছে মৃত্যু হৈছে ২৯ জনকৈ ব্যক্তিৰ। লগতে অসুস্থ হৈ পৰিছে প্ৰায় ৬০ জনতকৈও অধিক লোক। এই ঘটনাই এতিয়া উত্তাল কৰি তুলিছে দক্ষিণৰ ৰাজ্যখন।

বৃহস্পতিবাৰে তামিলনাডুৰ কলাকুৰিচি জিলাত সংঘটিত হয় এই ঘটনা। প্ৰায় ১০০ জন লোকে কলাকুৰিচি জিলাৰ এটি অঞ্চলত একেলগে মদ্যপান কৰিছিল। তাৰ পিছতেই হঠাৎ ইজনৰ পিছত সিজন ব্যক্তি অসুস্থ হৈ পৰে। বমি, অসহ্যকৰ পেটৰ বিষ আৰু জ্বলা-পোৰাৰ সমস্যাই দেখা দিয়ে সুৰাপায়ীসকলক। ততাতৈয়াকৈ সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ২৫ জন লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বিষাক্ত সুৰা সেৱনৰ বাবে একে সময়তে ইমানবোৰ লোক অসুস্থ হৈ পৰিছে। এই বিষাক্ত সুৰা ক’ৰপৰা কেনেকৈ আহিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। লগতে কলাকুৰিচিৰ জিলা উপায়ুক্তই চিকিৎসালয়খনত অসুস্থ ৰোগীসকলক সাক্ষাৎ কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনেও নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘কলাকুৰিচিৰ কৰুণ মৃত্যুৰ খবৰ পাই মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ। এই অপৰাধৰ লগত জড়িতসকলক শাস্তি দিয়া হ’ব। অবৈধ কাৰ্যকলাপ বন্ধ কৰাত ব্যৰ্থ হোৱা বিষয়াসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়েও শোক প্ৰকাশ কৰে। একে সময়তে তেওঁ ৰাজ্য চৰকাৰকো সমালোচনা কৰি লিখিছে, “ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাৰে বাৰে কৰুণ মৃত্যুৰ খবৰ আহি আছে। ইয়াৰ পৰা দেখা যায় যে ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ উৎপাদন আৰু বিক্ৰী বন্ধ কৰাত ব্যৰ্থ হৈছে। বৰ চিন্তাৰ বিষয়।”

Related News