NORTHEAST NOW (Assamese)

কয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৩২জনৰ মৃত্যু, ১৪জন সন্ধানহীন

October 29, 2023 8:52 am · এন ই নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

কয়লা খনিত আন এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হৈছে। কাজাখাস্তানৰ কয়লা খনিৰ এই অগ্নিকাণ্ডত ৩২ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত ১৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তদুপৰি এতিয়াও সন্ধানহীন হৈ আছে ১৪জন লোক।

কাজাখাস্তানৰ ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ এই কাণ্ডক কাজাখাস্তানৰ ইতিহাসৰ “আটাইতকৈ বেয়া দিন” বুলি অভিহিত কৰে। যোৱা দুমাহৰ ভিতৰত এইটো হৈছে দ্বিতীয়টো ভয়াৱহ খনি দুৰ্ঘটনা।

লগতে পঢ়কঃ ICC ODI World Cup 2023: নিজস্ব ছন্দত অষ্ট্ৰেলিয়া! অথলে গ’ল ৰাচীনৰ শতক; স্নায়ু যুঁজত ৫ ৰাণত পৰাস্ত নিউজিলেণ্ড

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কাজাখাস্তানৰ এটা বৃহৎ তীখা উৎপাদনকাৰী কোম্পানীৰ কয়লা খনিত অগ্নিকাণ্ড সংঘটিত হয়। এই খনিটোত মুঠ ২৫২ জন লোকে কাম কৰি আছিল। এই অগ্নিকাণ্ডত ৩২ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত ১৮ জন লোকক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ১৫ জনৰ কাৰ্বন মনোক্সাইডৰ বিষক্ৰিয়াৰ চিকিৎসা চলি আছে। তদুপৰি ১৪জন লোক সন্ধানহীন হৈ আছে।

খনিটোত কেনেকৈ জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাজাখাস্তানৰ ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। এক বিবৃতিযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ সৰ্ববৃহৎ তীখা কাৰখানাটোত বিনিয়োগ আপাততঃ স্থগিত ৰখাৰো নিৰ্দেশ দিয়ে।

লগতে পঢ়কঃ‘মোদীৰ ১৫ লাখৰ প্ৰতিশ্ৰুতি আছিল মিছা, কিন্তু মই নিদিওঁ মিছা প্ৰতিশ্ৰুতি’: ৰাহুল গান্ধী

ইয়াৰ পূৰ্বে আগষ্ট মাহত কাৰাগাণ্ডা খনিৰ অগ্নিকাণ্ডত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছিল। সেইটোও আছিল একেটা মালিকানাধীন খনি। তাৰ আগতে ২০২২ চনৰ নৱেম্বৰ মাহত একেটা অঞ্চলৰ এটা খনিত মিথেন গেছ নিৰ্গত হোৱাৰ ফলত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন অসুস্থ হৈ পৰিছিল। 

Related News