• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC ODI World Cup 2023: নিজস্ব ছন্দত অষ্ট্ৰেলিয়া! অথলে গ’ল ৰাচীনৰ শতক; স্নায়ু যুঁজত ৫ ৰাণত পৰাস্ত নিউজিলেণ্ড

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 29, 2023 8:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ উদ্বোধনী মেচতে তেওঁৰ বেটৰ পৰা আহিছিল শতক। ইংলেণ্ডৰ বিৰুদ্ধে ৯৬ টা বলত ১২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত আছিল ৰাচীন ৰবীন্দ্ৰ। আৰু এইবাৰ তেওঁৰ বেটৰ পৰা আহিছিল ৮৯টা বলত ১১৬ ৰান। তেওঁ ১৩০.৩৩ ষ্ট্ৰাইক ৰেট বজাই ৰাখি ৯টা চাৰি আৰু ৫টা ছয় মাৰে। অৱশ্যে শেষ ৰক্ষা নহ’ল। ৪০.২ অভাৰত পেট কামিন্সৰ বলত মাৰ্নাছ লাবুছানৰ হাতত কেচ তুলি দিয়াৰ পিছতে কিউইৰ জয়ৰ আশা যেন নিৰ্বাপিত হৈ পৰিল।

অৱশেষত শ্বাসৰুদ্ধকৰ মেচখনত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক ৫ ৰাণত পৰাস্ত কৰি সকাহ লাভ কৰে। টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত এইবাৰ নিউজিলেণ্ড অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ’ল। শেষত জিমি নিছামে ৩৯টা বলত ৫৮ ৰান সংগ্ৰহ কৰে যদিও কোনো লাভ নহ’ল। ৯ উইকেটত ৩৮৩ ৰানত স্তব্ধ হৈ পৰে নিউজিলেণ্ড।

দুই অ’পেনাৰ ডেভন কনৱে আৰু উইল ইয়ঙে আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰে যদিও খেলখন বহু দূৰলৈ আগুৱাই নিব পৰা নাছিল। ৬১ ৰানত প্ৰথম উইকেট হেৰুৱাই কিউইয়ে। ইয়াৰ পিছতে জোছ হেজলউডে বিপক্ষক ৭২ ৰানত দ্বিতীয়টো আঘাত হানে। তথাপিও ৰাচিনে ডেৰিল মিচেলৰ সৈতে যুঁজ আৰম্ভ কৰে। আক্ৰমণাত্মক তৃতীয় উইকেটৰ যুটীত ৯৬ ৰান আহে।

Apply Now

নিউজিলেণ্ডে খেলখনত পুনৰ সোমাবলৈ লোৱাৰ সময়তে এডাম জাম্পাই ডেৰিল মিচেলক ঘূৰাই পঠিয়ায়। ডেৰিল মিচেল ৫৪ ৰানত আউট হয়। ফলত নিউজিলেণ্ডে ১৬৮ ৰানত ৩টা উইকেট হেৰুৱাইছিল।

ইয়াৰ পিছত আউট হোৱাৰ আগলৈকে সকলো আছিল ৰাচীন ৰবীন্দ্ৰৰ শ্ব’। বিশ্ব ক্ৰিকেটৰ দুগৰাকী ছুপাৰষ্টাৰৰ নামেৰে তেওঁৰ নাম! ৰাহুল দ্ৰাবিড়ৰ ‘ৰা’ আৰু শচীনৰ ‘চীন’ মিলাই ৰাচীন। বিশ্বকাপৰ উদ্বোধনী মেচত ট্ৰফী লৈ খেলপথাৰত প্ৰৱেশ কৰে শচীন টেণ্ডুলকাৰে। ইমান দিনে টেলিভিছনত দেখা মানুহজনক দেখাৰ সপোন পূৰণ হয় ৰবীন্দ্ৰৰ। অৱশ্যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ এই দৰ্শনীয় শতক অথলে গ’ল!

যদিও অষ্ট্ৰেলিয়াই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সৈতে অভিযান আৰম্ভ কৰিছিল, এইবাৰ পুনৰ নিজস্ব ছন্দলৈ উভতিছে। শ্ৰীলংকা, পাকিস্তান আৰু আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত সেই কথা স্পষ্ট হৈ পৰিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰি অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে কিউই বলাৰসকলক ক্লাব পৰ্যায়লৈ নমাই আনিলে। ফলত স্ক’ৰব’ৰ্ডত উঠিল ৩৮৮ ৰান।

আঘাতৰ বাবে ডেৰ মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি আছিল ট্ৰেভিছ হেড। স্বাভাৱিকতে বিশ্বকাপৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই তেওঁৰ বৰঙণি লাভ কৰা নাছিল। অৱশ্যে দলৰ অধিনায়কে হেডক দেশলৈ ঘূৰাই পঠিয়াব বিচৰা নাছিল। বাওঁহতীয়া অ’পেনাৰগৰাকীয়ে বুজাই দিলে যে তেওঁ কিয় দলৰ সৈতে ৰৈ গ’ল।

বিশ্বকাপ যুদ্ধৰ প্ৰথমখন মেচত তেওঁ নিউজিলেণ্ডৰ বলাৰক নিয়ন্ত্ৰণ কৰি মাত্ৰ ২৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। এই বিশ্বকাপৰ আটাইতকৈ দ্ৰুততম অৰ্দ্ধশতক। ৬৭ টা বলত ১০৯ ৰানত ৰৈ গৈছিল তেওঁৰ ইনিংছ। তেওঁ ১৬২.৬৮ ষ্ট্ৰাইক ৰেট বজাই ৰাখি ১০টা চাৰি আৰু ৭টা ছয় মাৰে। একে সময়তে অষ্ট্ৰেলিয়াৰ ভিতৰত পঞ্চম বেটছমেন হিচাপে তেওঁ বিশ্বকাপৰ অভিষেক মেচত শতক অৰ্জন কৰি এক অভিলেখ গঢ়িছিল।

ডেভিদ ৱাৰ্নাৰে ৬৫টা বলত ৮১ ৰান সংগ্ৰহ কৰি তেওঁক যোগ্য সংগ প্ৰদান কৰে। তেওঁ আক্ৰমণাত্মক নিজৰ ইনিংছত ৫টা চাৰি আৰু ৬টা ছয় মাৰে। প্ৰথম উইকেটৰ বাবে হেড আৰু ৱাৰ্নাৰে ১৭৫ ৰান দিয়ে। ৱাৰ্নাৰো চিনাকি মেজাজত আছিল। নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত শতক অৰ্জন কৰিছিল ৱাৰ্নাৰে। আৰু এইবাৰো তেওঁৱেই প্ৰথমে অৰ্দ্ধশতক সম্পূৰ্ণ কৰিছিল।

অষ্ট্ৰেলিয়া শিবিৰত প্ৰথমটো আঘাত দিয়ে পাৰ্ট টাইম স্পিনাৰ গ্লেন ফিলিপছে। ফিলিপছৰ হাতত কট এণ্ড বল হৈ ৱাৰ্নাৰ পেভিলিয়নলৈ উভতি যায়। ৱাৰ্নাৰ ঘূৰি যোৱাৰ পিছত হেডে অধিক আক্ৰমণাত্মক মুডত ৰান সংগ্ৰহ কৰে। শেষত ফিলিপছে তেওঁক ১০৯ ৰানত আউট কৰে।

মিচেল মাৰ্ছে ৫১টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। কিন্তু সেইদিনা ষ্টিভ স্মিথ (১৮) বা মাৰ্নাছ লাবুচেনে (১৮) বিশেষ ৰান লাভ কৰা নাছিল। দুয়োজনে ১৮ ৰানকৈ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। অৱশ্যে গ্লেন মেক্সৱেলে শেষৰখন মেচত যি ফৰ্মত বেটিং আৰম্ভ কৰিছিল, সেই ফৰ্মতে বেটিং আৰম্ভ কৰে।  ২৪টা বলত ৪১ ৰানেৰে তেওঁৰ ইনিংছৰ সমাপ্ত হয়। পাঁচটা বাউণ্ডেৰী আৰু দুটা ছয় মাৰে। শেষত জছ ইংলিছ আৰু পেট কামিন্সে মিলি দলটোৰ স্ক’ৰ ৩৫০ৰ সীমা অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে মাত্ৰ ১৪টা বলত ৩৭ ৰানৰ ইনিংছ খেলে। তেওঁ ২টা বাউণ্ডেৰী আৰু ৪টা ছয় মাৰে।

কিউই বলাৰসকলৰ ভিতৰত গ্লেন ফিলিপছে ৩৭ ৰানত ৩ আৰু ট্ৰেণ্ট ব’ল্টে ৭৭ ৰানত ৩ টা উইকেট দখল কৰে। ছান্টনাৰে ৮০ ৰানত ২ টা উইকেট লাভ কৰে। ইয়াৰ পিছত ৰাচীন ৰবীন্দ্ৰই যুঁজ দি শতক অৰ্জন কৰে যদিও শেষ ৰক্ষা নহ’ল। বলাৰৰ শক্তিৰ বাবে অষ্ট্ৰেলিয়াই ২ পইণ্ট লাভ কৰি খেলপথাৰ এৰে।

সংক্ষিপ্ত স্কোৰ

অষ্ট্ৰেলিয়াঃ ৩৮৮ (হেড ১০৯, ৱাৰ্নাৰ ৮১, মেক্সৱেল ৪১, ইংলিছ ৩৮, কামিন্স ৩৭, গ্লেন ফিলিপছ ৩/৩৭, ট্ৰেণ্ট বল্ট ৩/৭৭)

নিউজিলেণ্ডঃ ৩৮৩/৯ (ৰাচীন ৰবীন্দ্ৰ ১১৬, ডেৰিল মিচেল ৫৪, জাম্পা ৩/৭৪, হেজেলউড ২/৭০, কামিন্স ২/৬৬)

অষ্ট্ৰেলিয়াই ৫ ৰানত জয়লাভ কৰে।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd