NORTHEAST NOW (Assamese)
অসম

টিকট বিতৰণক কেন্দ্ৰ কৰি প্ৰচণ্ড ঠেলা হেঁচা; তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2025 9:52 am

টিকট বিতৰণক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল প্ৰচণ্ড ঠেলা হেঁচা। তিৰুপতি মন্দিৰত পদপিষ্ট হৈ কমেও ৬ জন লোক নিহত হয়। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। এই ঘটনাত বহু লোক আহত হয়। আহত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। আহতসকলক লগ কৰিবলৈ বৃহস্পতিবাৰে তিৰুপতিলৈ যোৱাৰ কথা।

বৈকুণ্ঠ একাদশীত তীৰ্থযাত্ৰীসকলে বৈকুণ্ঠ দ্বাৰ ভ্ৰমণৰ সুযোগ পায়। তিৰুপতি মন্দিৰৰ বৈকুণ্ঠদ্বাৰ দৰ্শনৰ বাবে আগতীয়াকৈ টিকট ক্ৰয় কৰিব লাগে। বুধবাৰে পুৱাৰে পৰা বহু লোকে টিকট সংগ্ৰহ কৰিবলৈ সমবেত হ’বলৈ ধৰে। সন্ধিয়া টিকট চেণ্টাৰৰ সন্মুখত কমেও চাৰি হাজাৰ লোকৰ ভিৰ হয়।

বৈৰাগী পট্টিটা পাৰ্কত টোকেন বিতৰণৰ সময়ত বিশৃংখলাৰ সৃষ্টি হয়। টোকেনবোৰ লোৱাৰ বাহে হেতাওপৰা আৰম্ভ হয়। বাতৰি অনুসৰি, পদপিষ্ট হৈ এই পৰ্যন্ত ৬ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নাইডুৱে। তেওঁৰ নিৰ্দেশত যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ হয়। পদপিষ্ট হৈ বহু লোক আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি শ্ৰী ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তিৰুপতী ভ্ৰমণ কৰাৰ কথা। তেওঁ আহতসকলৰ সৈতেও সাক্ষাৎ কৰিব পাৰে। এই ঘটনাত আতংকিত হৈ পৰিছে তীৰ্থযাত্ৰীসকল। সম্প্ৰতি আপোনজনক হেৰুৱাৰ বিননিত শোকাকুল মন্দিৰ চৌহদ।