NORTHEAST NOW (Assamese)
অসম

পুনৰ আটাছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট; তদন্ত নহ’লে বিজেপি বৰ্জন কাৰ্যসূচীৰ হুংকাৰ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 4, 2022 5:49 pm

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাই আহোম ছাত্ৰ সন্থাই আজি  ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

“আহোম জাতি মুৰ্দাবাদ” দিয়া ঘটনাৰ উচিত তদন্তৰ দাবীত আটাছুৰ প্ৰতিবাদ।

৫টা দিন উকলি যোৱাৰ পাছটো তদন্ত নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী।

লগতে পঢ়ক: হৃদয় বিদাৰক! দুই পুত্ৰক খুৱালে কীটনাশক দ্ৰব্য; নিজেও সেৱন কৰি আত্মহত্যা পিতৃৰ

কংগ্ৰেছৰ বিৰুদ্ধে গুৱাহাটীত বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত “আহোম জাতি মুৰ্দাবাদ” শ্লোগান দিয়া বুলি অভিযোগ উত্থাপন কৰি এই‌ প্ৰতিবাদ টাই আহোম ছাত্ৰ সন্থাৰ।

ইপিনে, উচিত তদন্ত নহ’লে বিজেপি বৰ্জন কাৰ্যসূচীৰ হুংকাৰ দিছে আটাছুৱে।