NORTHEAST NOW (Assamese)

সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা!  কাশ্মীৰত সেনাৰ গুলীত নিহত ২ উগ্ৰপন্থী

October 14, 2025 12:27 pm · এন ই নাও নিউজ, গুৱাহাটী

জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ৰোধ কৰাত সফলতা অৰ্জন কৰিছে ভাৰতীয় সেনাই। ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সোমবাৰে গভীৰ নিশা সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশ কৰা দুটা উগ্ৰপন্থীক গুলীয়াই হত্যা কৰে।

জানিব পৰা মতে কুপৱাৰা জিলাৰ মচিল ছেক্টৰত এই ঘটনা সংঘটিত হয়। সম্প্ৰতি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।

উগ্ৰপন্থী দুটাক হত্যা কৰাৰ পিছত ভাৰতীয় সেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে মচিল চেক্টৰত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল দুটা উগ্ৰপন্থীয়ে। সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সীমান্ত অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি লক্ষ্য কৰে সেনাই। লগে লগে সেনাই গুলীচালনা কৰে। উগ্ৰপন্থী দুটাইয়ো গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে। কিন্তু শেষত ভাৰতীয় সেনাৰ হাতত পৰাস্ত হয় উগ্ৰপন্থী দুটা। কিন্তু সেনাই এতিয়ালৈকে উগ্ৰপন্থী দুটাৰ পৰিচয় প্ৰকাশ কৰা নাই।

Related News