NORTHEAST NOW (Assamese)
দেশ

পৰিৱৰ্তন হৈছে ইপিএফৰ নিয়ম : এতিয়াৰ পৰা উলিয়াব পাৰিব ১০০% ধন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 14, 2025 12:45 pm

নিয়ম সলনি কৰা হৈছে কৰ্মচাৰীৰ ভৱিষ্যৎ পুঁজি তথা ইপিএফৰ। এতিয়াৰে পৰা কৰ্মচাৰী সকলে ইপিএফত জমান থকা সম্পূৰ্ণ ধন উলিয়াব পাৰিব।

কেন্দ্ৰীয় মন্ত্ৰী মানসুখ মাণ্ডৱিয়াৰ অধ্যক্ষতাত সোমবাৰে কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি চিবিটিয়ে ১৩টা জটিল বিধান একত্ৰিত কৰি এটা বিধানত পৰিণত কৰিছে। এই বিধা সমূহক তিনিটা ভাগত ভাগ কৰা হৈছে – ১/ অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা (অসুস্থ, শিক্ষা, বিবাহ), ২/ ঘৰুৱা প্ৰয়োজন আৰু ৩/ বিশেষ পৰিস্থিতি

মন্ত্ৰালয়ে কয় যে, “ইপিএফৰ সদস্যসকলে এতিয়া কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ দুয়োটা অংশকে ধৰি প্ৰভিডেণ্ট ফাণ্ড একাউণ্টত জমা হোৱা ধন ১০০% পৰ্যন্ত উলিয়াব পাৰিব।

কৰ্মচাৰীয়ে এতিয়া শিক্ষাৰ বাবে ১০ বাৰলৈকে আৰু বিবাহৰ বাবে পাঁচ বাৰলৈকে টকা উলিয়াব পাৰিব। উল্লেখ্য যে পূৰ্বে শিক্ষা আৰু বিবাহৰ বাবে তিনিবাৰকৈ উলিওৱাৰ অনুমতি দিয়া হৈছিল।

ধন উলিওৱাৰ বাবে কৰ্মচাৰী সেৱাৰ নূন্যতম সময়সীমা ১২ মাহলৈ হ্ৰাস কৰা হৈছে। তদুপৰি, এতিয়া “বিশেষ পৰিস্থিতি”ত কাৰণ নিদিয়াকৈও এই ধন উলিয়াব পাৰিব।