NORTHEAST NOW (Assamese)

আদালতৰ নিৰ্দেশ অৱজ্ঞা কৰি সম্পন্ন হোৱা অগপৰ সাধাৰণ পৰিষদৰ বৈঠকতে পুনৰ সভাপতি হ’ল অতুল বৰা

August 27, 2020 12:57 pm · কল্পজ্যোতি শইকীয়া

নৰ্থ ইষ্ট নাওৰ বাতৰি সত্য প্ৰমাণিত হ’ল। পুনৰবাৰ অগপৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অতুল বৰা।

সাধাৰণ পৰিষদৰ বৈঠকত সৰ্ব সন্মতিক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত হ’ল বৰা।

বৰাৰ বিপক্ষে কোনেও দাখিল কৰা নাছিল মনোনয়ন।

ইপিনে, কিছু দিন পূৰ্বে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত সাধাৰণ সম্পাদক কমলা কলিতাই জনাইছিল যে নেতৃত্বৰ কোনোধৰণৰ সালসলনি নহয়। সেই অনুসৰি কমিটীখনৰ কোনো সাল সলনি নহ’ল।

তাক লৈ অগপৰ ভিতৰছোৱাত সৃষ্টি হৈছিল বাক বিতণ্ডা।

এই কথা মানি ল’ব খোজা নাছিল প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে তেওঁৰ ফৈদৰ নেতা কৰ্মীয়ে।

আজি ন্যায়ালয়ৰ স্থগিতাদেশ থকাৰ পাছতো সেয়া অৱমাননা কৰি সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিছিল অতুল বৰাৰ ফৈদে।

উক্ত বৈঠকত ৰহস্যজনকভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত নথকাৰ বিপৰীতে তেওঁৰ শিবিৰৰে বৃন্দাবন গোস্বামী উপস্থিত আছিল।

Related News