NORTHEAST NOW (Assamese)

বিপদে বেৰিছে চীনক, এইবাৰ পিঠি দিলে অস্ট্ৰেলিয়া, কানাডায়ো

July 10, 2020 11:13 am · এন ই নাও নিউজ

ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱা চীনৰ বিৰুদ্ধে এতিয়া থিয় দিছে বিশ্বৰ ১৮ খনকৈ দেশে। চীন বিৰোধী অভিযানত এইবাৰ চামিল হৈছে বিশ্বৰ দুখন শক্তিশালী দেশ অস্ট্ৰেলিয়া আৰু কানাডা।

চীনে শেহতীয়াকৈ গৃহীত কৰা হংকং প্ৰতিৰক্ষা বিধেয়কৰ বিৰোধিতা কৰি অস্ট্ৰেলিয়া আৰু কানাডাই চীনৰ সৈতে থকা হংকং বন্দী প্ৰত্যৰ্পণ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

অস্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন আৰু কানাডাৰ প্ৰধান মন্ত্ৰী জাস্টিন ট্ৰুডই চীনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি কৈছে যে চীনে হংকংবাসীৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰিছে।

হংকং প্ৰতিৰক্ষা বিধেয়ক গ্ৰহণ কৰি চীনে হংকংবাসীৰ বাক্ স্বাধীনতা হৰণ কৰা বুলিও দুয়ো গৰাকী প্ৰধান মন্ত্ৰীয়ে কয়।

হংকংবাসীৰ পক্ষত থিয় হৈ কানাডাৰ প্ৰধান মন্ত্ৰী জাস্টিন ট্ৰুডই চীনৰ সৈতে প্ৰতিৰক্ষা বাণিজ্য চুক্তি বাতিল কৰাৰো হুংকাৰ দিয়ে ।চীনৰ কাৰ্যৰ বিৰোধিতা কৰি অস্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে এই বুলি ঘোষণাকৰিছে যে অস্ট্ৰেলিয়াত থকা প্ৰায় এক লাখ হংকঙৰ লোকৰ ভিছাৰ ম্যাদ ৫ বছৰলৈ বৃদ্ধি কৰা হ’ব।

একেদৰে হংকঙৰ লোকক অস্ট্ৰেলিয়াই নাগৰিকত্বও প্ৰগানৰ সিদ্ধান্ত লৈছে।

ইয়াৰ পূৰ্বে ব্ৰিটেইনেও  হংকং বন্দী প্ৰত্যৰ্পণ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছিল।

Related News