NORTHEAST NOW (Assamese)

এগৰাকী তাৰকা ক্ৰিকেটাৰৰ কন্যাই হাতত বেট লৈ ক’লে, ‘মই বিৰাট কোহলী’; ছ’চিয়েল মিডিয়াত ভাইৰেল

November 11, 2019 8:03 pm · এন ই নাও নিউজ
Updated: November 11, 2019 8:04 pm
ডেভিড ৱাৰ্ণাৰৰ কন্যা

‘মই বিৰাট কোহলী’, ডেভিড ৱাৰ্ণাৰৰ কন্যাৰ হাতত বেট লৈ ক্ৰিকেট খেলি থকাৰ এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ডেভিড ৱাৰ্ণাৰৰ কন্যা ইভে মে’ হাতত বেট লৈ বল প্ৰহাৰ কৰিবলৈ যোৱাৰ সময়ত উচ্চাৰিত কৰিছে ‘মই বিৰাট কোহলী, মই বিৰাট কোহলী’।

ৱাৰ্ণাৰ কন্যাৰ এই ভিডিঅ’ ডেভিড ৱাৰ্ণাৰৰ পত্নী ক্যানডিছ ৱাৰ্ণাৰে ছ’চিয়েল মিডিয়াত আপলোড কৰি জীয়ৰিক দেউতাকৰ পৰিৱৰ্তে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ হে অনুৰাগী আখ্যা দিয়ে।

আনহাতে, ডেভিড ৱাৰ্ণাৰেও কন্যাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি বিৰাট কোহলীক কমেণ্ট কৰিবলৈ কয়।

‘‘আই পি এলৰ সময়ত কোহলীয়ে বেটিং কৰি থাকিলে তেওঁলোকৰ কন্যাই সদাই স্কোৰ বোৰ্ডৰ ওপৰত চকু ৰাখে,’’ সংবাদ মাধ্যমৰ আগত ডেভিড ৱাৰ্ণাৰৰ পত্নীয়ে কয়।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দমণীয় প্ৰদৰ্শনেৰে বিৰাট কোহলী বৰ্তমান ভাৰতৰ লগতে বিশ্বৰ আন আন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰো প্ৰিয় খেলুৱৈ ৰূপে পৰিণত হৈছে।

Related News