NORTHEAST NOW (Assamese)

তামুলপুৰত মহিলাৰ মাজত ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধী অভিযান; ২০০টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

April 22, 2020 4:47 pm · দীপক কুমাৰ পাঠক
Updated: April 22, 2020 4:49 pm

তামুলপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গত ২নং উলুবাৰী গাঁৱৰ ত্ৰিবেণী গ্ৰাম্য সংগঠনে আজি ২৬টা আত্মসহায়ক গোটৰ সহযোগত গাঁওখনৰ মহিলাসকলৰ মাজত হাত ধোৱা আৰু মাস্ক পৰিধান সম্পৰ্কত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ সভানেত্ৰী মাইকন তালুকদাৰ, সম্পাদিকা সোণেশ্বৰী ৰাভা, এম চি পি কৰৱী মেধি, লেখিকা জিতামণি তালুকদাৰ, সদস্য ৰীতা মেধিৰ সহযোগত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্পৰ্কে মহিলাসকলৰ মাজত সজাগতামূলক অভিযান তথা দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰা হয়।

উক্ত অভিযানৰ নেতৃত্ব দিয়ে ৫নং তামুলপুৰ ভিচিডিচিৰ জীৱিকা সখি সুশিলা দাসে। আত্মসহায়ক গোটৰ সদস্য সকলে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি ২ নং উলুবাৰী গাঁৱৰ মহিলাসকলৰ মাজত বিতৰণ কৰাৰ উপৰিও ইয়াৰ আশে পাশে থকা গাঁও অঞ্চলতো গৈ হাত ধুৱাৰ নিয়ম, মাস্ক পিন্ধাৰ কাৰণ আদিৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে।

ইয়াৰ ওপৰিও তেওঁলোকে আজি গাঁওখনত ২০০টা দুখীয়া পৰিয়ালৰ মাজত চাউল, দাইল, নিমখ, আলু, মিঠাতেল, বিস্কুট, আটা, চাবোনৰ লগতে অন্যান্য কিছু  অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। অঞ্চলটোৰ ৰাইজে ত্ৰিবেণী গ্ৰাম্য সংগঠনৰ উক্ত পদক্ষেপৰ প্ৰশংসা শলাগ লয়।

Related News