NORTHEAST NOW (Assamese)

শনিবাৰ, পুৱা ১০:৩০; কাউণ্টডাউন আৰম্ভ ৰায়দানৰ ||ৰাম মন্দিৰ-বাবৰি মছজিদ

November 8, 2019 10:42 pm · এন ই নাও নিউজ
Updated: November 8, 2019 10:49 pm
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত পঞ্জীয়কৰ জাননী।

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ কৰিব সংবেদনশীল অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ বিবাদৰ ৰায়দান।

সৰ্বোচ্চ আদালতখনৰ অতিৰিক্ত পঞ্জীয়ক (লিষ্টিং)এ শুকুৰবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত ন্যায়াধীশবৃন্দ এছ এ ববদে, দি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ, এছ আব্দুল নাজিৰৰ সাংবিধানিক বিচাৰপীঠে এই ৰায় প্ৰদান কৰিব।

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দান হ’ব এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবদমান ২.৭৭ একৰ ভূমি সন্দৰ্ভত ২০১০ চনত দিয়া ৰায়ক লৈ উত্থাপিত আপত্তিৰ মীমাংসা।

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত পঞ্জীয়কৰ জাননী।

উচ্চ ন্যায়ালয়ে বিবদমান ভূমিডোখৰ তিনি পক্ষ– ভগৱান ৰামলালা ৱিৰাজমান, নিৰ্ম’হি আখৰা আৰু উত্তৰ প্ৰদেশ চুন্নি ৱাকফ ব’ৰ্দক ভগাই ল’বলৈ ৰায় দিছিল।

দেশৰ সৰ্বোচ্চ ন্যায়ালয় ইতিহাসৰ দ্বিতীয় দীৰ্ঘতম, ৪০ দিনজোৰা শুনানিৰ পিছত যোৱা ১৬ অক্তোবৰত বিচাৰপীঠখনে গোচৰটো ৰায়দানৰ বাবে স্থগিত ৰাখিছিল।

গোচৰটোৰ সংবেদনশীলতালৈ চাই অযোধ্যাত ইতিমধ্যে ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে।

সমগ্ৰ অযোধ্যা নিৰাপত্তা দুৰ্গত পৰিণত হৈছে। কেন্দ্ৰই ইতিমধ্যে ৪০০০তকৈয়ো অধিক কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান অঞ্চলটোত মোতায়েন কৰিছে।

খবৰমতে, ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণৰ বাবে দুখন হেলিকপ্তাৰৰ লগতে ৭৮টা ঠাইত ৰেপিদ এক্সন ফ’ৰ্চ মোতায়েন কৰা হৈছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক মতাই আনি বৈঠকতো মিলিত হৈছিল।

অযোধ্যা জিলা প্ৰশাসনৰ লগতে হিন্দু আৰু মুছলমান উভয় পক্ষৰ ধৰ্মীয় নেতাসকলে ৰাইজক সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।

Related News