NORTHEAST NOW (Assamese)
Popular Stories

কোভিডৰ আয়ুৰ্বেদিক দৰৱ, ভাৰতৰে পৰীক্ষণ চলাব আমেৰিকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 6:29 pm
iStock-489931422-1594275318

 

বিশ্বত মহামাৰীৰ ৰুপ লোৱা ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা কোনো দৰৱ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই । ক’ৰ’ণাৰ আয়ুৰ্বেদিক দৰৱ উদ্ভাৱনৰ বাবে বহুতে চেষ্টা অৱ্যাহত ৰাখিছে।

এনে সময়তে ভাৰতে ঘোষণা কৰিছে যে কোভিড-১৯ৰ আয়ুৰ্বেদিক দৰৱৰ উদ্ভাৱন আৰু পৰীক্ষণৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ সৈতে হাতত হাত ধৰি আগুৱাই যাব।

ৱাশ্বিংটনত বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত তৰুণ জিৎ সিং সান্ধুৱে কয় যে ভাৰত আৰু আমেৰিকাৰ আয়ুৰ্বেদিক বিশেষজ্ঞ সকলে কোভিড-১৯ৰ দৰৱ উদ্ভাৱনৰ ক্ষেত্ৰত ভালেখিনি সফলতা অৰ্জন কৰিছে।

অচিৰেই দুয়োখন দেশৰ বিজ্ঞানী সকলে কোভিডৰ আয়ুৰ্বেদিক দৰৱৰ পৰীক্ষণ সন্মিলিত ভাবে কৰিব।

কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰত দিনে-নিশাই কাম কৰি আছে ইণ্ডো-ইউ এছ টেকন’ল’জি ফ’ৰামে।

এই ফ’ৰামে প্ৰকৃতিত উপলব্ধ গছ-লতিকাৰ পৰা কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ চেষ্টা অব্যাহত ৰাখিছে।

ইণ্ডো-ইউ এছ টেকন’ল’জি ফ’ৰামে এই ক্ষেত্ৰত কৰি থকা কামৰো শলাগ লয় ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীয়ে।

তেওঁ কয় যে শিশুৰ ডায়েৰিয়া সৃষ্টিকাৰী ৰোটা ভাইৰাছৰ ছিটা ৰোটাভেক ভাৰতে আমেৰিকাৰ লগ লাগিয়েই উদ্ভাৱন কৰিছে।

কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰতো দুয়োখন দেশ সফল হব বুলি তেওঁ আশা ব্যক্ত কৰে।