NORTHEAST NOW (Assamese)

হঠাতে এনে কি হ’ল! হাতত বেট দাঙি খেলপথাৰতে ৰিজৱানক পহুখেদা বাবৰৰ

November 27, 2023 4:42 pm · এন ই নাও নিউজ, গুৱাহাটী

বাবৰ আজম আৰু মহম্মদ ৰিজৱান- ক্ৰিকেট জগতত এই দুই তাৰকাৰ যুটী সৰ্বপৰিচিত তথা সৰ্বপ্ৰিয়। এই দুই তাৰকাই হৈছে পাকিস্তানৰ বেটিং বিভাগৰ প্ৰধান স্তম্ভ।

ভাৰতীয় ক্ৰিকেটত ৰোহিত-কোহলীৰ যুটীৰ দৰেই বাবৰ-ৰিজৱানৰ যুটীয়ো খেলপথাৰত হৈ পৰে উপভোগ্য। দুই তাৰকাৰ খেলুৱৈসুলভ আচৰণেও ক্ৰীড়াপ্ৰেমীক আকৰ্ষণ কৰে।

কেৱল খেলপথাৰতে নহয়, খেলপথাৰৰ বাহিৰতো বাবৰ-ৰিজৱানৰ বন্ধুত্বৰ ছাঁ পৰিলক্ষিত হয়। কিন্তু হঠাতে এনে কি হৈছে যে, খেলপথাৰৰ ভিতৰতে হাতত বেট দাঙি ৰিজৱানক খেদি গৈছে বাবৰে!

বেট দাঙি বাবৰে ৰিজৱানক দিছে পহুখেদা দিছে আৰু আগে আগে ভিৰাই লৰ ৰিজৱানৰ! এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

পিছে চিন্তাৰ কাৰণ নাই। শত্ৰুতা আচৰণ কৰি ৰিজৱানক এইদৰে খেদা লগোৱা নাই। এয়া সাময়িক ধেমালিহে। এতিয়াও আগৰ দৰেই অপৰিৱৰ্তিত বাবৰ-ৰিজৱানৰ বন্ধুত্ব।

দৰাচলতে অনুশীলনৰ সময়ত বাবৰে এটা বল ডেলিভাৰীৰ পিছতে ক্ৰীজ পিটচৰ মাজলৈ আহিছিল। আৰু তেতিয়াই উইকেটৰ পিছত থকা ৰিজৱানে বলটো ষ্টাম্পলৈ মাৰি পঠিয়ায় আৰু ৰাণ আউটৰ আপিল কৰে।

এই কথাত কিছুপৰ ৰিজৱানলৈচাই তভক মাৰি ৰয় বাবৰ আৰু পিছমুহূৰ্ততে বেটখন দাঙি ৰিজৱানক খেদি যায় আৰু ৰিজৱানেও নিজকে বচাবলৈ ষ্টাম্পৰ পিছফালে দৌৰি যায়।

 

বাবৰ-ৰিজৱানৰ এই ধেমেলীয়া কাণ্ডই সৃষ্টি কৰে হাস্যৰসৰ আৰু খেলপথাৰত থকা আন সতীৰ্থ সকলেও হাঁহি হাঁহি উপভোগ কৰে এই দৃশ্য।

উল্লেখ্য যে, সদ্যসমাপ্ত বিশ্বকাপত দলৰ হতাশাজনক প্ৰদৰ্শনৰ পিছত যোৱা ১৫ নৱেম্বৰত পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা বাবৰে পদত্যাগ কৰিছিল।

আশা কৰাৰ দৰে প্ৰদৰ্শন আগবঢ়োৱাত বিফল হৈছিল বাবৰো। নেতৃত্ব সন্দৰ্ভত বিশেষজ্ঞ আৰু অনুৰাগী উভয়ৰে যথেষ্ট হেঁচাত পৰিছিল তাৰকাগৰাকী আৰু পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।

Related News