NORTHEAST NOW (Assamese)

’মইও বহু হিৰোৰ যৌন কামনাৰ চিকাৰ হৈছো, অনুৰাগে এই কাম কৰাত আচৰিত হ’বলগীয়া নাই’

September 21, 2020 12:45 pm · এন ই নাও নিউজ
কংগনা ৰানাৱট আৰু অনুৰাগ কাশ্যপ।

নতুন বিতৰ্কত সোমাই পৰিছে ‘গেং অফ ৱাছিপুৰ’ৰ পৰিচালক অনুৰাগ কাশ্যপ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত ৰিয়াৰ পক্ষ গ্ৰহণ কৰি  প্ৰয়াত অভিনেতাগৰাকীৰ অনুৰাগীৰ ৰোষৰ মুখত পৰিছে বলীউদৰ পৰিচালকগৰাকী।

ইপিনে টুইটাৰত অভিনেত্ৰী কংগনা ৰানাৱটৰ সৈতে উত্তপ্ত হৈ পৰিছে অনুৰাগৰ বাকযুদ্ধ।

বলীউদৰ এগৰাকী অভিনেত্ৰীয়ে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা পাছতে টুইটাৰ যুদ্ধই নতুন গতি লাভ কৰিছে।

অনুৰাগে অভিনেত্ৰীগৰাকীৰ দাবী মিছা বুলি স্পষ্ট কৰাৰ লগতে অনুৰাগক সমৰ্থন কৰি আগবাঢ়ি আহি টুইট কৰে আন এগৰাকী অভিনেত্ৰী তাপসী পান্নুৱে।

কিন্তু অভিযোগ উত্থাপনকাৰী অভিনেত্ৰীগৰাকীৰ কাষত থিয় হৈ কংগনাই এইবাৰ অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰৰ দাবী তোলে।

টুইটাৰত এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰি কংগনাই অনুৰাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে। এটাৰ পাছত আন এটা টুইট কৰি অনুৰাগ তথা বলীউদৰ ওপৰত ক্ষোভ উজাৰে কংগনাই।

এটা টুইটত কংগনাই লিখিছে,’’মই যিমানদূৰ জানো অনুৰাগ কাশ্যপে নিজৰ মুখেৰেই স্বীকাৰ কৰিছে যে তেওঁ নিজৰ সংগীৰ প্ৰতি কোনোদিন একনিষ্ঠ থকা নাছিল, একাধিক মহিলাৰ সৈতে বিবাহিত হৈ থকা অৱস্থাতো। অনুৰাগে (অভিযোগকাৰী অভিনেত্ৰী) তেওঁৰ সৈতে যিটো কৰিছে সেইটো বলীউদৰ প্ৰথা। সংঘৰ্ষৰত নাৰীসকলক তাত যৌনকৰ্মী হিচাপে ধৰা হয়।‘’

আন এটা টুইটত কংগনাই লিখিছে,’’অনুৰাগে এইটো কৰিবই পাৰে, যিটো অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সৈতে কৰা বুলি দাবী কৰিছে, নিজৰ পাৰ্টনাৰক প্ৰতাৰনা কৰিছে, একাধিক মহিলাৰ সৈতে সম্পৰ্কত জড়িত হৈছে। পান্থম (অনুৰাগৰ প্ৰযোজনা সংস্থা) সম্পূৰ্ণ নষ্ট চৰিত্ৰৰ লোকেৰে ভৰপূৰ। মই পূৰ্বেও নিৰ্যাতিতাসকলক সমৰ্থন কৰিছো, আজিও কৰিম।‘’

কংগনা ইমানতে থমকি ৰোৱা নাই। বলীউদৰ বহু হিৰোৰ হাতত যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে বুলি মন্তব্য কৰে কংগনাই। তেওঁ লিখিছে, ‘’মোৰ সৈতে এনেকুৱা ঘটনা ঘটিছে, যেতিয়া হঠাতে ভেন নাইবা ঘৰৰ দৰ্জা বন্ধ কৰাৰ পাছত নিজৰ যৌনাংগ উলিয়াইছে নাইবা বাৰ্টিত ডেন্সফ্ল’ৰত নৃত্যৰ সময়ত মুখৰ ভিতৰত জিভাৰে স্পৰ্শ কৰিছে। এপইন্টমেন্ট লৈ কামৰ বাবে ঘৰলৈ মাতি তোমাৰ ওপৰত উবুৰি খাই পৰাৰ চেষ্টা…’’

বৰ্তমান অভিযোগকাৰী অভিনেত্ৰীগৰাকীয়ে প্ৰায় পাঁচ বছৰ পূৰ্বে অনুৰাগ কাশ্যপে তেওঁক নিজৰ ঘৰলৈ মাতি নিৰ্যাতন চলোৱা বুলি অভিযোগ আনিছিল।

ৰাষ্ট্ৰীয় মহিলা আয়োগে ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ পৰা লিখিত অভিযোগ বিচাৰিছে।

আনহাতে, অনুৰাগ কাশ্যপে এই অভিযোগৰ প্ৰত্যুত্তৰত কয়,’’ বাহ, মোৰ মুখ বন্ধ কৰাৰ বাবে ইমান সময় লাগিল। সেই প্ৰচেষ্টাত আপুনি সাজি সাজি মিছা কথা কৈছে আৰু নিজে মহিলা হোৱা সত্তেও আন মহিলাসকলক টানি আনিছে। অলপ মৰ্যাদা ৰাখক মেডাম। মই মাত্ৰ কম আপোনাৰ সকলো অভিযোগ মনেসজা।‘’

Related News