NORTHEAST NOW (Assamese)
অসম

এনকাউণ্টাৰত নিহত বদলাপুৰ কাণ্ডৰ অভিযুক্ত! মহাৰাষ্ট্ৰত ৰাজনৈতিক মহলত সৃষ্টি হৈছে বিতৰ্কৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 24, 2024 12:51 pm
এনকাউণ্টাৰত নিহত বদলাপুৰ কাণ্ডৰ অভিযুক্ত! মহাৰাষ্ট্ৰত ৰাজনৈতিক মহলত সৃষ্টি হৈছে বিতৰ্কৰ

বদলাপুৰৰ নাৰ্চাৰীৰ শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ গোচৰৰ মূল অভিযুক্তক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। তাৰপিছৰে পৰাই মহাৰাষ্ট্ৰত ৰাজনৈতিক মহলত  তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে।

সোমবাৰে মূল অভিযুক্ত অক্ষয় শিণ্ডেক তালোজা জেললৈ লৈ যোৱা হৈছিল।  জনা যায় যে তাৰ পৰা উভতি অহাৰ সময়ত তেওঁ আৰক্ষীৰ বন্দুক কাঢ়ি লৈ ​​লক্ষ্য কৰি গুলীচালনা কৰে। ইয়াৰ পিছতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় অক্ষয়। চিকিৎসালয়ত নিয়াৰ পিছতে তেওঁক মৃত ঘোষণা কৰা হয়।

অক্ষয়ৰ মৃত্যুত ৰাজ্যখনত ৰাজনৈতিক মহলত বিতৰ্ক আৰম্ভ হৈছে। বিৰোধীয়ে এই ঘটনাক এনকাউণ্টাৰৰ বাহিৰে আন বুলি ক’বলৈ অনিচ্ছুক। তেওঁলোকৰ যুক্তি হ’ল এজন অপৰাধী, হেণ্ডকাফ লগোৱা অৱস্থাত কেনেকৈ বন্দুক কাঢ়ি লৈ ​​যাব?

লগতে পঢ়কঃ ধৰ্ষণৰ ঘটনাত সন্মানহানি হ’ব পৰিয়ালৰ; পৰিকল্পনা কৰি মাতৃয়ে হত্যা কৰালে নিজৰ কন্যাক!

বিৰোধীৰ এই বক্তব্যৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই। তেওঁৰ স্পষ্ট বক্তব্য  যে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছিল। তেওঁ কয়, ‘পূৰ্বতে বিৰোধী দলসমূহে অক্ষয় শিন্দেক ফাঁচী দিবলৈ দাবী কৰিছিল, এতিয়া তেওঁৰ পক্ষ লৈ মহাৰাষ্ট্ৰ আৰক্ষীৰ সততাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধী নেতাসকলৰ এনে কাৰ্য নিন্দনীয় আৰু দুৰ্ভাগ্যজনক।’

বিৰোধীয়ে ভাবে যে চৰকাৰে ৰাজনৈতিক সহানুভূতি পাবলৈ এই এনকাউণ্টাৰ কৰিছে। ইপিনে, উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে কয় যে বিৰোধীয়ে চৰকাৰৰ সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে।