NORTHEAST NOW (Assamese)
অসম

হোজাইৰ নিউ মাৰ্কেটত পূজা দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বজৰং দলৰ সেৱাকেন্দ্ৰ মুকলি

Posted by: নিখিল মুন্দ্ৰা October 17, 2018 8:36 pm
IMG-20181017-WA0042

দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনাৰ মাজতে বজৰং দলৰ হোজাই গোটে হোজাইৰ নিউ মাৰ্কেটত দলটোৰ এটা সেৱা কেন্দ্ৰ মুকলি কৰিছে।

বুধবাৰে পুৱা প্ৰায় ১১-০০ মান বজাত এই সেৱাকেন্দ্ৰটো মুকলি কৰা হয়। এই সেৱাকেন্দ্ৰটোত অষ্টমী, নৱমী আৰু দশমীৰ দিনা খোৱাপানী আৰু প্ৰাথমিক চিকিৎসা সহায়তা উপলব্ধ হ’ব।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত বিশ্ব হিন্দু পৰিষদৰ হোজাই জিলা গোটৰ সভাপতি ৰতন ৰয় আৰু সম্পাদক অশোক কেজৰীৱাল, বজৰং দলৰ সহ সংযোজক দীনেশ ডুবে, নগৰ সংযোজক সুমিক দাসে কৈছে যে তেওঁলোকৰ উদ্দেশ্য হৈছে সমাজলৈ সেৱা আগবঢ়োৱা।

তেওঁলোকে কৈছে যে পূজাৰ সময়চোৱাত খোৱা পানীৰ লগতে প্ৰাথমিক চিকিৎসা সহায়তা লাভ কৰিব।

তেওঁলোকে আৰু কৈছে যে এই সেৱা শান্তিপূৰ্ণ ভাৱে প্ৰদান কৰাৰ বাবে ১০০তকৈও অধিক স্বেচ্ছাসেৱকক দায়িত্ব প্ৰদান কৰা হৈছে।

তেওঁলোকে আৰু জনাইছে যে বুধবাৰে আবেলি হোজাইৰ নিউ মাৰ্কেটৰ চহিদ বেদীৰ ওচৰে-পাঁজৰে এটা স্বচ্ছতা অভিযান চলোৱা হৈছিল।