NORTHEAST NOW (Assamese)

শাৰদীয় দুৰ্গা পূজাৰ বতৰত বাংলাদেশৰ পৰা আহিছে ৫০০ টনৰো অধিক ইলিছ মাছ

October 6, 2019 11:06 am · এন ই নাও নিউজ
Updated: October 7, 2019 3:15 pm
ইলিছ মাছ। উৎস-ইণ্টাৰনেট

ইলিছ মাছৰ বাবে বিখ্যাত বাংলাদেশ। ভাৰতে দীৰ্ঘসময়ৰ পৰা বাংলাদেশৰ পৰা ইলিছ মাছ আমদানি কৰি আহিছে।

শনিবাৰে ৰাতি ১০ বজাত যশোৰৰ বেনাপোল স্থলবন্দৰৰ পৰা ভাৰতলৈ ১০ ট্ৰাক ইলিছ মাছ বাংলাদেশৰ পৰা ৰপ্তানি কৰা হয়।

ইয়াকে ধৰি বিগত কেইদিনত তিনিটা পৰ্য্যায়ত প্ৰায় ১২৬ টন ইলিছ মাছ ভাৰতলৈ ৰপ্তানি কৰে বাংলাদেশে।

আনহাতে, ১০ অক্টোবৰৰ ভিতৰত আৰু ৩৭৪ টন ইলিছ মাছ ভাৰতে বাংলাদেশৰ পৰা আমদানি কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে বাংলাদেশ চৰকাৰে পশ্চিম বংগলৈ প্ৰায় ৫০০ টন ইলিছ মাছ ৰপ্তানি কৰিব।

বাংলাদেশৰ বংগোপসাগৰৰ মোহনাত যথেষ্ট পৰিমাণত ইলিছ মাছ পোৱা যায় আৰু বাংলাদেশৰ ইলিছ মাছ ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ পশ্চিমবংগ আৰু অসমৰ বজাৰ সমূহত গ্ৰাহকক বিশেষভাৱে আকৰ্ষণ কৰি আহিছে।

Related News