NORTHEAST NOW (Assamese)

বাংলাদেশীতকৈ আগতে ভাৰত আগমন বি টিভিৰ!

May 8, 2019 11:25 pm · এন ই নাও নিউজ
Updated: May 9, 2019 6:11 pm
বাংলাদেশ টে’লিভিজন।

অসমকে ধৰি উত্তৰ-পূববাসীক উদ্বিগ্ন কৰি ৰখা বাংলাদেশী হিন্দুৰ আগমন ভাৰতলৈ হওক নহওক, দেশত আৰম্ভ হোৱাৰ পথত বাংলাদেশ টিভিৰ সম্প্ৰচাৰ।

অহা মাহৰ পৰা ভাৰতীয়ই চাব পাৰিব বাংলাদেশ টে’লিভিজন তথা বি টিভি।

বিপৰীতে বাংলাদেশতো সম্প্ৰচাৰিত হ’ব ভাৰতৰ দূৰদর্শন।

লগতে পঢ়ক– দৰিদ্ৰ অসমীয়াক বাংলাদেশী জে’লত পচিবলৈ কিয় দিছে চৰকাৰে?

দূৰদর্শনৰ ফ্ৰী ডিশ্বৰ যোগেদি দুয়োপাৰৰ বিশেষকৈ বাংলা দর্শকে উপভোগ কৰিব পাৰিব বাংলাদেশী চেনেল দুটা।

নতুন দিল্লীত ভাৰতৰ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ সচিব অমিত খেৰৰ সৈতে বৈঠকত এই টে’লিভিজন সংক্রান্ত বিষয়টি চূড়ান্ত হৈছে।

দুয়ো প্রতিৱেশী দেশৰ মাজত কমিউনিটি ৰে’ডিঅ’ৰ শক্তিশালী নে’টৱর্ক গঢ়াক লৈয়ো বৈঠকত আলোচনা হয়।

বৈঠকখনত বাংলাদেশৰ হাই কমিচনাৰ চৈয়দ মুৱাজ্জেম আলিৰ নেতৃত্বত এটা উচ্চ পর্যায়ৰ প্রতিনিধি দল উপস্থিত আছিল।

Related News