NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ বিৰুদ্ধে এটাও বল নেখেলাকৈয়ে বিশ্বকাপৰ পৰা বাহিৰ হৈ যাব পাকিস্তান; কেনেকৈ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2019 5:00 pm
Sarfaraz Khan and Masrafi Mortaza

বুধবাৰে ইংলেণ্ডে নিউজিলেণ্ডক ১১৯ ৰাণত হৰুৱাই আই চি চি বিশ্বকাপ-২০১৯’ৰ ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। ১৯৯২ ৰ বিশ্বকাপৰ পাছত ইংলেণ্ডে প্ৰথমবাৰ বিশ্বকাপৰ ছেমিফাইনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি, ইয়াৰ জৰিয়তে পাকিস্তানৰ ছেমিফাইনেল লাভৰ সপোনো ভাঙি দিলে দলটোৱে।

এতিয়া পাকিস্তানৰ ছেমিফাইনেলত স্থান লাভ কৰাৰ সম্ভাৱনা ক্ষীণেই নহয়, অবাস্তৱ বুলিহে ক’ব পাৰি।

কাইলৈ, ৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ বিৰুদ্ধে খেলখনত পাকিস্তানে যদি টচত হাৰে আৰু বাংলাদেশে প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয় তেতিয়াহ’লে প্ৰথমটো বল কৰাৰ লগে লগেই পাকিস্তান বিশ্বকাপৰ পৰা বাহিৰ হৈ যাব।

কিয়নো এনেকুৱা পৰিস্থিতিত পাকিস্তানৰ ৰাণ ৰেট নিউজিলেণ্ডৰ ৰাণ ৰেটতকৈ কম হৈ পৰিব আৰু পাকিস্তানৰ ছেমিফাইনেলত স্থান লাভৰ সপোন আধৰুৱা হৈয়েই ৰ’ব।

আনহাতে, বাংলাদেশৰ লগত টচত জয়লাভ কৰি পাকিস্তানে যদি প্ৰথম বেটিং কৰিবলৈ সিদ্ধান্ত লয় তেতিয়াহ’লে দমনীয় বেটিং পৰাক্ৰম প্ৰদৰ্শন কৰি ৩৫০ ৰাণ বনাব লাগিব। সেয়াই নহয়, বিশ্বকাপৰ ইতিহাসত শ্ৰেষ্ঠ বিধ্বংসী বলিং প্ৰদৰ্শনেৰে বাংলাদেশক ৩১১ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব।

অৰ্থাৎ পাকিস্তানে প্ৰথম বেটিং কৰি যদি ৫০ অ’ভাৰত ৩৫০ ৰাণ কৰে তেতিয়াহ’লে তেওঁলোকে বাংলাদেশক ৩৯ ৰাণত অল আউট কৰিব লাগিব। উল্লেখযোগ্য যে বাংলাদেশ দলটো প্ৰথমেই বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে।

ইপিনে, পইন্ট তালিকা অনুসৰি অষ্ট্ৰেলিয়া, ভাৰত আৰু ইংলেণ্ডে ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। বুধবাৰে ইংলেণ্ডে নিউজিলেণ্ডক হৰুৱাই ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। অষ্ট্ৰেলিয়াই ১৪ পইন্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে আৰু তেওঁলোকে অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাৰবিৰুদ্ধে অৱতীৰ্ণ হ’ব।

ভাৰত ১৩ পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে। ভাৰতে ইয়াৰ লীগৰ অন্তিমখন খেলত অহা ৬ জুলাইত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে, ১২ পইন্টেৰে ইংলেণ্ড তালিকাৰ তিনি নম্বৰ স্থানত আছে।

নিউজিলেণ্ডৰ দলটো ১১ পইন্টেৰে চতুৰ্থ স্থানত আছে। ইয়াৰ পাছত ৯ পইন্টেৰে তালিকাৰ পঞ্চম স্থানত আছে পাকিস্তান।