NORTHEAST NOW (Assamese)

ছেক্স-ভিডিঅ’ চ্যাট ফাদিল! যৌন কেলেংকাৰীত অভিযুক্ত বাংলাদেশী কূটনীতিকক তলব ঢাকাৰ

January 31, 2022 10:10 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

Sex chat scandal যৌন কেলেংকাৰীত জড়িত হৈ শাস্তিৰ সন্মুখীন হ’ব লগা হৈছে বাংলাদেশ উচ্চায়ুক্তৰ এগৰাকী বিষয়া। অভিযোগ লাভ কৰি বিভাগীয় তদন্ত আৰম্ভ কৰাৰ মাজতেই ঢাকালৈ মাতি পঠিওৱা হৈছে কূটনীতিকগৰাকীক।

কলকাতাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত কূটনীতিকগৰাকীৰ এই ঘটনা কোনো বাংলাদেশী কূটনীতিকৰ ক্ষেত্ৰত প্ৰথম বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, মহম্মদ ছানিউল কাদেৰ নামৰ অভিযুক্ত কূটনীতিগৰাকীয়ে এগৰাকী ভাৰতীয় মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। দুয়োগৰাকীৰে ছেক্স চ্যাট, ভিডিঅ’ ছচিয়েল মিডিয়াত ফাদিল হৈ পৰে।

যোৱা ২৫ জানুৱাৰীত ঘটনাটো ভাইৰেল হৈ পৰাৰ পাছতে বাংলাদেশী দূতাবাসত হৈ চৈ লাগে আৰু অভিযুক্ত কূটনীতিকগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলায়।

লগতে পঢ়ক: খুলি দিয়া হৈছে ভেন্টিলেশ্যন; কেনে আছে কোকিলকন্ঠী কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ?

ইতিমধ্যে কূটনীতিকগৰাকীক ঢাকালৈ তলব কৰি তাত তেওঁক নিজৰ বক্তৱ্য ৰখাৰ সুযোগ দিয়া হৈছে।

শৃংখলাভংগৰ অভিযোগত অভিযুক্ত বাংলাদেশী কূটনীতিক মহম্মদ ছানিউলৰ বিৰুদ্ধে অভিযোগ প্ৰমানিত হ’লে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।  

Related News