NORTHEAST NOW (Assamese)

বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড ‘লেইজফিটা’ই তুলিছে খলকনি

June 16, 2019 8:25 am · এন ই নাও নিউজ
লেইজফিটা বেণ্ডৰ সদস্যসকল। ফটো : ৰ'লিং ষ্ট'ন ইণ্ডিয়াৰ সৌজন্যত

বাংলাদেশৰ প্ৰথমটো মহিলা পপ বেণ্ড লেইজফিটাই ‘ছানছিল্ক দিৱস’ সংগীত প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছৰে পৰাই তেওঁলোকৰ সংগীতেৰে খলকনি তুলি আহিছে।

এই বেণ্ডটোত আছে চাৰিগৰাকী মহিলা –সুনন্দা শাৰমিন, অন্তৰা ৰহমান, ফেৰদৌছি মৌমিতা আৰু মুস্তাৰিন আহমেদ শীতল।

‘ছানছিল্ক দিৱস’ত বিশ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ তালিকাৰ মাজত শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে যোগ্যতা অৰ্জন মহিলা চাৰিগৰাকীয়ে অলপতে তেওঁলোকৰ প্ৰথমটো গান ‘স্বপ্ন এখন আমাৰ হাতে’ মুকলি কৰি দিছে।

জীৱনমুখী উক্ত গানটো ৰচনা কৰিছে বাংলাদেশী সংগীতজ্ঞ তথা কণ্ঠশিল্পী হৃদয় খানে। খান ‘ছানছিল্ক দিৱস’ৰ এগৰাকী বিচাৰকো আছিল। প্ৰতিযোগিতাটোৰ আন বিচাৰৰকসকলৰ ভিতৰত আছিল শাৰমিন চুলতানা ছুমি, আলিফ আলাউদ্দিন আৰু জোহাদ ৰেজা চৌধুৰী।

ছানছিল্ক দিৱস বাংলাদেশৰ প্ৰথমটো সংগীত প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আছিল আৰু ই দেশখনৰ প্ৰথমটো বৃত্তিগত মহিলা পপ বেণ্ড গঠনৰ বাবে আৰম্ভ কৰা হৈছিল।

প্ৰতিযোগিতাখনত বিজয়ীসকলক নগদ ৫ লাখ টকা, শিল্পী প্ৰমোশ্যনৰ বাবে দুবছৰীয়া চুক্তি, বলীউদৰ এখন ছবিত গান গোৱাৰ এক সুযোগ, চাৰিখন হোণ্ডা ডিঅ’ বাইক আৰু ন’কিয়া স্মাৰ্টফোন উপহাৰ হিচাপে আগবঢ়োৱা হয়।

সংগীত প্ৰতিযোগিতাখনত শীৰ্ষ বিশগৰাকী চূড়ান্ত প্ৰতিযোগীক দাখিল কৰা সম্ভাৱনাপূৰ্ণ কণ্ঠশিল্পীৰ শ্ৰব্য সংগীতৰ তালিকাৰ পৰা নিৰ্বাচিত কৰা হৈছিল।

‘ছানছিল্ক দিৱস’ৰ গ্ৰেণ্ড ফাইনেলখন যোৱা ২৯ এপ্ৰিলত বসুন্ধৰাৰ ইন্টাৰনেশ্যনেল কনভেনশ্যন চেন্টাৰত অনুষ্ঠিত হৈছিল।

জানিব পৰা মতে, বিজয়ী মহিলা চাৰিগৰাকীয়ে বাংলাদেশৰ গাঁৱৰ ছোৱালীবোৰে মূৰত মৰা ৰিবনৰ প্ৰসংগটো সন্মুখত ৰাখি তেওঁলোকৰ বেণ্ডটোৰ নাম লেইজফিটা পছন্দ কৰিছিল।

তেওঁলোকে এটা আন্তৰ্জাতিক ভাষাৰ নামৰ পৰিৱৰ্তে তেওঁলোকৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এটা নাম পছন্দ কৰিব বিচাৰিছিল। ‘লেইজফিটা’ বেণ্ডৰ সদস্যকলৰ এক বৰ্ণাঢ্য সাংগীতিক পৰিচয় আছে।

সুনন্দা আন্তৰ্জাতিক পপ সংগীত পৰিৱেশনৰ বাবে অতি উৎসাহী। শীতল বলীউদ আৰু বাংলা লোক সংগীত পৰিৱেশনত সিদ্ধহস্ত।

আনহাতে, মৌমিতা এগৰাকী ধ্ৰুপদী সংগীতৰ বিশেষজ্ঞ আৰু অন্তৰা বাংলা লোক সংগীতৰ এগৰাকী প্ৰতিভাশালী কণ্ঠশিল্পী।

Related News