NORTHEAST NOW (Assamese)

কৃষকক ভেটা দিবলৈ দিল্লী সীমান্ত ছীল : কৃষকৰ ওপৰত বৰ্বৰতাৰে শীতল পানী হিলৈ, কন্দুৱা গেছ প্ৰয়োগ

November 27, 2020 2:39 pm · এন ই নাও নিউজ
Updated: November 27, 2020 8:47 pm

শুকুৰবাৰে দিল্লী চ’লো ধ্বনিৰে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ বাধা নেওচি হাৰিয়ানাত প্ৰৱেশ কৰিছিল হাজাৰ হাজাৰ কৃষকে।

ৰাজপথৰ বেৰিকেড ওফৰাই, নদীত পেলাই দি উত্তৰ ভাৰতৰ প্ৰচণ্ড ঠাণ্ডাকো নেওচি অপ্ৰতিৰোধ্য গতিৰে দিল্লীৰ অভিমুখে আহি থকা কৃষক সমদলক এইবাৰ ভেটা দিয়া হৈছে হাৰিয়ানা-দিল্লীৰ সীমান্তত।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে দিল্লী সংযোগী প্ৰতিটো পথ ছীল কৰি দিছে যাতে কোনো কাৰণতে কৃষক সমদলটোৱে দেশৰ ৰাজধানী দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে।

ইফালে পঞ্জাৱ-হাৰিয়ানা সীমান্ত অতিক্ৰম কৰি অহা হাজাৰ হাজাৰ কৃষক সমদলৰ ওপৰত ঠাণ্ডা পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিও গতিপথ স্তব্ধ কৰিব নোৱাৰিলে হাৰিয়ানা চৰকাৰে।

লগতে পঢ়ক : পঞ্জাৱ-হাৰিয়ানা সীমান্তত অপ্ৰতিৰোধ্য কৃষক সমদল! : দলঙৰ পৰা বেৰিকেড নদীত পেলাই আহিছে আগুৱাই

দিল্লী চ’লো ধ্বনিৰে দেশৰ ৰাজধানীৰ অভিমুখে আগবাঢ়ি অহা হাজাৰ হাজাৰ কৃষক সমদলক ভেটা দিবলৈ হাৰিয়ানা চৰকাৰে কাৰ্যত ব্যৰ্থ হোৱাৰ পিছত আজি কৃষক সমদলটো হাৰিয়ানা-দিল্লী সীমান্তত উপস্থিত হৈছেহি।

দিল্লী আৰক্ষীয়ে কৃষক সমদলটোক ভেটা দিবলৈ দিল্লীৰ সীমান্তত নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে আৰক্ষীৰ লগতে মোতায়েন কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশালসংখ্যক জোৱান।

কৃষক সমদলটোক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ দিল্লী আৰক্ষীয়ে হাৰিয়ানা-দিল্লী সীমান্তত সাজু কৰি ৰাখিছে কন্দুৱা গেছ আৰু ঠাণ্ডা পানী ভৰ্তি অসংখ্য বাহন।

ইতিমধ্যে কিছু কিছু ঠাইত প্ৰচণ্ড শীততো কৃষকৰ ওপৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে শীতল পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছে বুলি খবৰ আহিছে।

কিন্তু কৃষকসকলে কোনোধৰণৰ বাধাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি দিল্লীৰ দিশে আগুৱাই আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষি আইন প্ৰত্যাহাৰৰ দাবীত দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে ২৭ নৱেম্বৰত ‘দিল্লী চ’লো’ আহ্বানেৰে এক বিশাল প্ৰতিবাদী সমদলৰ আয়োজন কৰিছে।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰেলাৰ কৃষকসকলে দিল্লী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

ইফালে ক’ৰ’ণাৰ দোহাই দি বিশাল কৃষক সমদলটোক ভেঁটিবলৈ দিল্লীৰ সকলো সীমান্ত ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

ইফালে কৃষক সংগঠসমূহে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় কৈছে যে দিল্লী চৰকাৰে যন্তৰ মন্তৰলৈ তেওঁলোকক যোৱাত বাধা প্ৰদান কৰিলে দিল্লী-হাৰিয়ানাৰ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

Related News