NORTHEAST NOW (Assamese)

বিবিচিৰ তথ্য চিত্ৰ : জামিয়া মিলিয়াত আটক এছ এফ আইৰ সদস্য

January 26, 2023 11:37 am · এন ই নাও নিউজ, নতুন দিল্লী

বুধবাৰে দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত আৰক্ষীয়ে আটক কৰে এছ এফ আইৰ ৭ গৰাকী সদস্যক।

বুধবাৰে বাওঁপন্থী ছাত্ৰ সংগঠন এছ এফ আইৰ সদস্য সকলে বিবিচিয়ে নিৰ্মাণ কৰা মোডী বিষয়ক বিতৰ্কিত তথ্যচিত্ৰ খন চাবলৈ প্ৰস্তুতি চলাওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে শিক্ষাৰ্থী কেইজনক।

ইয়াৰ পিছতেই আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰে ছাত্ৰ-ছাত্ৰী কেইগৰাকীক।

কেৱল জামিয়া মিলিয়াতেই নহয়, জে এন ইউতো বুধবাৰে তথ্যচিত্ৰ খন চাবলৈ তৎপৰ হৈছিল ভালেসংখ্যক শিক্ষাৰ্থী। কিন্তু তথ্যচিত্ৰখন চোৱাত তেওঁলোককো বাধা আৰোপ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে ২০০২ চনত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সম্পৰ্কে বিবিচিয়ে নিৰ্মাণ কৰিছিল এই বিশেষ তথ্যচিত্ৰখন। উক্ত সাম্প্ৰদায়িক ঘটনাৰ লগত নৰেন্দ্ৰ মোডী জড়িত থকাৰ কথাৰ উল্লেখ আছিল বিবিচিৰ চলচিত্ৰখনত। যাৰ বাবে চৰকাৰৰ দ্বাৰা টুইটাৰকে ধৰি বাকী মাধ্যমসমূহৰ পৰাও আঁতৰাই দিয়া হৈছিল বিবিচিৰ এই তথ্যচিত্ৰখন।

Related News