NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীৰ আত্মীয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2020 1:46 pm
Sourav Ganguly

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সভাপতি সৌৰভ গাংগুলীৰ ভাতৃ স্নেহাশীষ গাংগুলীৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি লাভ কৰা গৈছে।

স্নেহাশীষ গাংগুলীৰ ম’মিনপুৰত থকা ঘৰত অলপতে কাম কৰিব অহা কৰ্মচাৰী এগৰাকীক ক’ৰ’না পজিটিভ পোৱা গৈছিল।

আনহাতে, স্নেহাশীষ গাংগুলীৰ পত্নী ক’ৰ’নাত আক্ৰান্ত হ’লেও বৰ্তমানলৈ স্নেহাশীষক ক’ৰ’না নিগেটিভ পোৱা গৈছে।

স্নেহাশীষ পশ্চিমবংগৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ।

স্নেহাশীষ গাংগুলীৰ পত্নী ক’ৰ’নাত আক্ৰান্ত হ’লেও সৌৰভ তেওঁলোকৰ পৰিয়ালৰ সৈতে একেলগে নথকা বাবে পৰিয়ালৰ লোকৰ দ্বাৰা ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নায়।

বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি থকা গাংগুলীয়ে আই পি এল অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত আই পি এল এতিয়ালৈ অনুষ্ঠিত কৰিব পৰা হোৱা নায়।