NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী; হাস্পাতালত ভৰ্তি

December 28, 2021 10:41 am · এন ই নাও নিউজ, গুৱাহাটী

কৰ’নাত আক্ৰান্ত হৈছে বিচিচিআইৰ সভাপতি, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী। বৰ্তমান তেওঁ দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হাস্পাতাল উডলেণ্ডত আইছ’লেশ্যনত আছে।

সোমবাৰে পুৱাই প্ৰাথমিক পৰীক্ষাত গাগুলীৰ ৰিপ’ৰ্ট পজিটিভ ধৰা পৰে। তাৰপাছত তেওঁৰ দ্বিতীয়বাৰ পৰীক্ষা কৰা হয় আৰু তাতো পজিটিভ আহে।

ইপিনে, গাগুলীৰ পত্নী ডোনা আৰু তেওঁৰ কন্যা ছানাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।

Also Read:ছচিয়েল মিডিয়াত অশ্লীল ছবি-ভিডিঅ’ প’ষ্ট কৰি আইনী জাননীৰ সন্মুখীন মোহময়ী অভিনেত্ৰী

নিশাই সৌৰভ গাংগুলীক হাস্পাতাললৈ লৈ যোৱা হয় আৰু বৰ্তমান তেওঁ তাতেই ভৰ্তি হৈ আছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পাছত গাংগুলীক হাস্পাতালতে ৰখা হ’ব নে ঘৰতেই আইছ’লেশ্যনত ৰখা হ’ব তাৰ সিদ্ধান্ত লোৱা হ’ব।

সোমবাৰে পুৱাই অসুস্থ অনুভৱ কৰাত সৌৰভৰ টেলিভিশ্বনৰ শ্বুটিং বাতিল কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ কেইবাটাও সামগ্ৰীৰ বিজ্ঞাপনৰ শ্বুটিং সম্পূৰ্ণ কৰে।

গাংগুলী কেনেকৈ কৰ’নাত আক্ৰান্ত হ’ল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। বিচিচিআইৰ সভাপতিগৰাকীয়ে বিগত কিছুদিন ধৰি দেশ-বিদেশৰ বিভিন্ন স্থান ভ্ৰমণ কৰিছিল।

Also Read:নিৰ্মাণৰ ২৪ ঘন্টা নৌহওতেই চপৰা চপৰে খহিছে পথ; ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

শেহতীয়াকৈ তেওঁ মুম্বাই ভ্ৰমণ কৰিছিল যদিও তাতেই তেওঁ কৰ’নাত আক্ৰান্ত হ’ল নে সেয়া অৱশ্যে স্পষ্ট কৰিব পৰা নাই।

বৰ্তমান কৰ’না আক্ৰান্ত সৌৰভ গাংগুলীৰ শৰীৰৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।  

Related News