NORTHEAST NOW (Assamese)

বৰফত কৰি আছিল স্কী, কিন্তু হঠাতে খেদি আহিল এটা ভালুকে, তাৰপিছত? চাওঁক ভিডিঅ’

January 29, 2021 4:52 pm · এন ই নাও নিউজ

বিশ্বৰ বহু ঠাই এতিয়া শুকুলা বৰফে ঢাকি ধৰিছে।

বৰফৰ ওপৰত সেয়ে স্কী কৰিবলৈ ওলাই আহিছে বহু লোক।

কিন্তু স্কী কৰিবলৈ আহি মহা বিপৰ্যয়ৰ সন্মুখীন হ’ল এজন লোক।লোকজনে হয়তো কেতিয়াও ভবা নাছিল যে স্কী কৰি থাকোতেই তেওঁক ভালুকে খেদি আহিব।

এই ভয়ংকৰ ঘটনাটো ঘটিছে ৰোমানিয়াত।

ৰোমানিয়াৰ এখন স্কী ৰিজ’ৰ্টত কি কৰি আছিল লোক জনে সেই সময়তে সেই ঠাইত আবিৰ্ভাৱ ঘটে এটা প্ৰকাণ্ড ক’লা ভালুকৰ।

ভালুকটোৱে বৰফত স্কী কৰি থকা লোক জনক লক্ষ্য কৰি খেদি আহে।

এই দৃশ্য দেখি ভয়তে অণ্ঠ কণ্ঠ শুকাই যায় স্ৰকী কৰি থকা লোক জনৰ।

তেওঁ ভালুকটোৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ যিমান বেগাই পাৰি পলাবলৈ চেষ্টা চলালে।

এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিলে ৰোপ ৱেৰে যাত্ৰা কৰি থকা কোনো পৰ্যটকে।

৩৯ ছেকেণ্ডৰ ভিডিঅ’টোৱে এতিয়া বেছ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

ভিডিঅ’টোত দেখা গৈছে যে লোকজনে ভালুকটোৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ বেগেৰে পলাইছে আৰু ভালুকটোৱেও তেওঁক খেদি আহিছে।

অৱশ্যে এটা সময়ত ভালুকটো ক্ষন্তেক থমকি ৰোৱাৰ সুযোগলৈ লোক জনে নিৰাপদ দূৰত্বলৈ পলাই যাবলৈ সক্ষম হ’ল।

উল্লেখ্য ৰোমানিয়াৰ পাৰ্বত্য অঞ্চল ভালুকৰ বিচৰণ ভূমি বুলি জনাজাত ।

কিন্তু ভালুকে এনেদৰে পৰ্যটকক খেদি অহাৰ ঘটনা খুব কমেইহে ঘটিছে।

Related News