NORTHEAST NOW (Assamese)
অসম

হালধিৰে সৌন্দৰ্য্য চৰ্চাৰ আপুনি নজনা টিপছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 10:00 pm
Beauty Tips Using Turmeric Powder you never know

হালধি ভাৰতীয় মানুহৰ দৈনন্দিন খাদ্য হোৱাৰ লগতে আয়ুৰ্বেদৰো ই এক এৰাব নোৱাৰা সামগ্ৰী।

দৰা-কইনাক গা ধুওৱাৰ পৰা বিহুত ব্যৱহাৰলৈকে হালধিৰ বহু ব্যৱহাৰ আমাৰ পৰম্পৰাৰ অংশ।

আজি আমি আগবঢ়াইছো হালধিয়ে চালৰ বিভিন্ন সমস্যাত দিয়া উপশমৰ বিষয়ে কিছু কথা।

হালধি শালমইনা, বয়সৰ চাপ, চকুৰ গুৰি ক’লা পৰা ভাল কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

তলত কিছুমান ঘৰতে কৰিব পৰা দিহা আগবঢ়োৱা হৈছে—

১. শুকান ছাল:- আপোনাৰ ছাল যদি ৰ’দৰ তাপ, প্ৰতিকূল বতৰ, চাপ বা বেয়া অভ্যাসৰ বাবে শুকাই গৈছে, আপুনি হালধি ব্যৱহাৰ কৰিব পাৰে। হালধি গুৰি, বেচন, নেমুৰ ৰস আৰু গাখীৰ এচামুচকৈ লৈ প্ৰথমে পে’ষ্ট বনাব। তাৰ পিছত পানীৰে তিয়াই মুখখনত দহ মিনিটৰ বাবে লগাই ৰাখিব। তাৰ পিছত মুখ খন কুহুমীয়া পানীৰে ধুই দিব।

২. চকুৰ গুৰি ক’লা পৰা:-বিভিন্ন কাৰণত বহু লোকৰ চকুৰ গুৰি ক’লা পৰে। আপোনাৰো যদি তেনে হৈছে, এচামুচ হালধি গুৰি অলপ আনাৰসৰ ৰসৰ সৈতে মিলাই দহ মিনিটৰ বাবে চকুৰ গুৰিত লগাই ৰাখিব। পিছত ঠাণ্ডা পানীৰে ধুব।

৩. গোৰোহা ফটা:- আপোনাৰ যদি গোৰোহাত ফাট মেলিছে তেন্তে চাৰি চামুচ হালধিৰ গুৰিৰ সৈতে নীমপাতৰ মিশ্ৰণ কৰি গোৰোহাত লগাব পাৰে। মিশ্ৰণটো আধা ঘণ্টা সময় লগাই ৰাখি পিছত কুহুমীয়া পানীৰে ধুই দিব।

৪. চুলি সৰা:- আপোনাৰ যদি চুলি সৰিছে তেন্তে হালধিৰ ৰস খাওক। ই আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰিব আৰু চুলি গজাত সহায় কৰিব।

তাৰোপৰি হালধি গুৰি মৌ আৰু গাখীৰৰ সৈতে মিশ্ৰণ কৰি তালুত লগাব পাৰে। তেতিয়াও চুলি সৰাত উপশম পাব পাৰে।

৫. টোনাৰ:- কেঁচা গাখীৰৰ সৈতে গোলাপ জল আৰু হালধিৰ মিশ্ৰণেৰে আপুনি টোনাৰ ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে।

কিছুমান লোকৰ হালধিৰ এলাৰ্জি থাকিব পাৰে, তেনে লোকে ইয়াক ব্যৱহাৰ কৰা অনুচিত।