NORTHEAST NOW (Assamese)
অসম

ভাৰততে অস্ত্ৰ প্ৰস্তুত কৰিব বিখ্যাত ব্ৰিটিছ কোম্পানি ৱেবলি এণ্ড স্কটে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 9:32 pm
ভাৰততে অস্ত্ৰ প্ৰস্তুত কৰিব বিখ্যাত ব্ৰিটিছ কোম্পানি ৱেবলি এণ্ড স্কটে

বিখ্যাত ব্ৰিটিছ অস্ত্ৰনিৰ্মাতা ৱেবলি এণ্ড স্কটে (Webley and Scott) ভাৰতত অসামৰিক লোকৰ বাবে অস্ত্ৰ প্ৰস্তুত কৰিব, হিন্দুস্তান টাইমছৰ বাতৰিত প্ৰকাশ।

মেক ইন ইণ্ডিয়াৰ অধীনত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কোম্পানিটোৱে ফেক্তৰি স্থাপন কৰিছে।

কোম্পানিটোৱে ২০১৭ চনত আৱেদন কৰিছিল আৰু ২০১৯ চনত তেওঁলোকক অনুমতি প্ৰদান কৰা হয়।

মেক ইন ইণ্ডিয়াৰ অধীনত এইধৰণৰ অস্ত্ৰৰ ফেক্তৰি স্থাপন কৰা ৱেবলি আৰু স্কটেই প্ৰথমটো বিদেশী কোম্পানি।

১৭৯০ চনত প্ৰতিষ্ঠা হোৱা কোম্পানিটোৱে দুয়োখন বিশ্বযুদ্ধতে অস্ত্ৰ প্ৰস্তুত কৰিছিল আৰু কমেও ১৫খন দেশক যোগান ধৰিছিল।

কোম্পানিটোৱে প্ৰথমে .৩২ W&S Mark IV ৰিভলভাৰ প্ৰস্তুত কৰিব। ইয়াৰ দাম হ’ব প্ৰায় এক লাখ টকা।

বিশ্লেষকসকলৰ মতে, কোম্পানিটোৰ বজাৰ ভাল হ’ব।

ভাৰতত অসামৰিক লোকৰ অস্ত্ৰ আমদানি বন্ধ কৰি ৰখাৰ ফলত বজাৰত যোগানৰ বিপৰীতে ছেকেণ্ড হেণ্ড অস্ত্ৰৰ চাহিদা বেছি।