NORTHEAST NOW (Assamese)

অসমীয়াৰ ওপৰত দপদপনি! বীৰ লাচিত সেনাই কাণত ধৰালে পেট্ৰ’ল পাম্পৰ ৪ বহিৰাগত কৰ্মচাৰীক

June 7, 2022 6:46 am · কল্পজোতি শইকীয়া, গুৱাহাটী

পুনৰ অসমীয়াৰ ওপৰত বহিৰাগত লোকৰ দপদপনিৰ এক ঘটনাই সোমবাৰে মহানগৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।গড়চুকস্থিত হিন্দুস্তান পেট্ৰল পাম্পত সংঘটিত হয় এই ঘটনা। 

পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ নিৰ্মম অত্যাচাৰৰ বলি হয় দুগৰাকী অসমীয়া ব্যক্তি।

ব্যক্তি দুগৰাকীক ৰাস্তাত দৌৰাই দৌৰাই বেল্টেৰে কোবাই অত্যাচাৰ চলায়।

লগতে পঢ়ক: PPE Kit কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ পত্নী আৰু ব্যৱসায়ী বন্ধুৰ বিৰুদ্ধে AAP ৰ গোচৰ

তাৰ পিছতে বীৰ লাচিত সেনাই কাণত ধৰালে পেট্ৰল পাম্পৰ চাৰি কৰ্মচাৰীক। কাণত ধৰাই আঁঠুকঢ়াই থয় চাৰি ধৃতক।

ব্যবসায়ী অপূৰ্ব বৰুৱা আৰু অভিযন্তা ৰোশন শৰ্মা নামৰ ব্যক্তি দুগৰাকীক পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীকেইজনে আক্ৰমণ কৰিছিল।

পেট্ৰল পাম্পটো অনিল শৰ্মা নামৰ মাৰোৱাৰী লোকজনৰ বুলি জানিব পৰা গৈছে।

ব্যক্তি দুগৰাকীয়ে দুচকীয়া বাহনলৈ তেল ভৰাবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা।

Related News