NORTHEAST NOW (Assamese)
Popular Stories

উদ্বোধনৰ পূৰ্বে খহি পৰিল ৩.১২ কোটি টকীয়া দলং : তদন্তৰ নিৰ্দেশ বিভাগৰ

August 31, 2020 8:30 pm
index.jpgl

কালি আছিল দলংখনৰ নিৰ্মাণ শেষ হোৱাৰ অফিচিয়েল দিন। আৰু তাৰ এদিনৰ পিছতে ভাঙি পৰিল নিৰ্মীয়মান দলংখন।

মধ্যপ্ৰদেশৰ ৰাজধানীৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত্বৰ শিওনিৰ এখন নিৰ্মীয়মান দলংখন খহি পৰে।

কেবলানি বিধান সভাৰ অন্তৰ্গত শিওনি অঞ্চলত বেনগঙ্গা নদীৰ ওপৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩ কোটি ১২ লাখ টকাৰ ব্যয়েৰে উক্ত দলংখনৰ কাম যোৱা ২০১৮ বৰ্ষৰ ১ ছেপ্তম্বৰতে আৰম্ভ কৰা হৈছিল।

দলংখন বিভাগীয় ভাৱে উদ্বোধন কৰা নহ’লেও এমাহৰ পূৰ্বৰ পৰা ব্যৱহাৰ কৰি অহা হৈছিল।

উদ্বোধনৰ পূৰ্বে কেনেকৈ দলংখন ভাঙি পৰিল তাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, মধ্যপ্ৰদেশত প্ৰৱল বৃষ্টিপাতৰ ফলত আটাইবোৰ নদীৰেই পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ইয়াৰ উপৰিও বান্ধবোৰত অত্যধিক পানী জমা হোৱাৰ বাবে ৰাজ্যৰ প্ৰায়বোৰ বান্ধৰ গেট খুলি দিয়া হৈছে।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ ৯ খন জিলাৰ ৩৯৪ খন গাঁও বানপানীৰ কৱলত পৰিছে আৰু সাত হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।