NORTHEAST NOW (Assamese)
অসম

ছানি লিয়নিৰ পাছত নেহা কক্কৰৰ নাম আহিল কলেজৰ নামভৰ্তি তালিকাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 8:51 pm
Neha

পশ্চিমবংগৰ মালদা জিলাৰ এখন মহাবিদ্যালয়ৰ নামভৰ্তিৰ তালিকাত বলিউদৰ কণ্ঠশিল্পী নেহা কক্কৰৰ নাম অহাক কেন্দ্ৰ কৰি সকলোৰে চকু কপালত উঠিছে।

মহাবিদ্যালয় প্ৰশাসনে তেওঁলোকে প্ৰকাশ কৰা প্ৰথমখন মেধাৰ তালিকাত কণ্ঠশিল্পী গৰাকীৰ নাম প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত নিয়াৰ শুধৰণি কৰা বুলি কয়।

উল্লেখযোগ্য যে, বলিউদৰ কণ্ঠশিল্পী নেহা কক্কৰৰ পূৰ্বে অভিনেত্ৰী ছানি লিয়নিৰ নামো পশ্চিমবংগৰ এখন মহাবিদ্যালয়ৰ মেধাৰ তালিকাত অহাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল।

পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ প্ৰসিদ্ধ আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকাত ছানি লিয়নিৰ নাম প্ৰকাশ হৈছিল।

সেই তালিকাত প্ৰথমতেই ছানি লিয়নিৰ নাম দেখা গৈছিল।

চলিত শিক্ষাবৰ্ষত ছানি লিয়নি উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰা হৈছে। সেয়াই নহয়, মেধাৰ তালিকাত প্ৰাপ্ত নম্বৰো দিয়া হৈছে।