NORTHEAST NOW (Assamese)

অসম অসমীয়াৰ! এইবাৰ বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা কৰাৰ দাবী সাৰা আসাম বঙালী ঐক্য মঞ্চৰ

January 11, 2021 9:17 am · নীলমনি শর্মা
কৃষ্ণাইত সাৰা আসাম বঙালী ঐক্য মঞ্চৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

কৃষ্ণাইত দেওবাৰে “সাৰা আসাম বঙালী ঐক্য মঞ্চ”ই অনুষ্ঠিত কৰে এখন সংবাদমেল ৷ কেইবাটাও বিষয়কলৈ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে বঙালী সংগঠনটোয়ে৷

“বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা কৰা, ডি-ভোটাৰ আৰু ডিটেনশ্যন কেম্পত হিন্দু বঙালী সকলক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলি এই সংবাদমেল অনুষ্ঠিত কৰা হয়৷

বঙালী ভাষাক ৰাজ্যত চৰকাৰী সহযোগী ভাষা হিচাবে শীঘ্ৰেই স্বীকৃতি দিয়াৰ দাবীত সৰব হৈ পৰে “সাৰা আসাম বঙালী ঐক্য মঞ্চ৷”

“দীৰ্ঘ দিন ধৰি অসমত বসবাস কৰা বঙালী সম্প্ৰদায় লোক সকলে বঞ্চনাৰ বাহিৰে আজিলৈকে একো পাৱলৈ সক্ষম নহ’ল ৷ ৰাজ্যখনত বসবাস কৰা ৯০ লক্ষাধিক বঙালী লোকে তেওঁলোকৰ অধিকাৰ সদায় বঞ্চনাৰ বাবে হেৰুৱাব লগা হৈছে ৷”

গোৱালপাৰাৰ কৃষ্ণাইৰ কৰ্মকাৰ পাৰাত অনুষ্ঠিত সাৰা আসাম বাঙালী ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বহকৰ শেষত আয়োজন কৰা সংবাদ মেলত চৰকাৰে বঙালী সকলৰ প্ৰতি কৰি অহা বঞ্চনা আৰু অৱহেলাৰ বিৰুদ্ধে ক্ষোভ উজাৰে বঙালী সংগঠনটোয়ে৷

ইফালে চৰকাৰে ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰৰ নামত হিন্দু বঙালী লোক সকলোক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি সোনকালেই এই সমস্যা সমাধান কৰাৰ দাবী তোলে ৷

বঙালী সংগঠন সমূহৰ দাবীক আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ ধলাত পাছ জনকৈ বঙালী লোকৰ হত্যাকাণ্ডৰ পিছত চৰকাৰে গঠন কৰা আয়োগৰ প্ৰতিবেদন আজিকৈ ৰাজহুৱা নহল বুলিও উল্লেখ কৰে সংগঠনটোৰ নেতাসকলে ৷

চৰকাৰক অতিশীঘ্ৰে বঙালী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাবে স্বীকৃতি দিয়াৰ লগতে সংগঠনটোৱে উত্থাপন কৰা দাবী সমূহ কাৰ্যকৰী নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ৷

Related News