NORTHEAST NOW (Assamese)

এইবাৰ খ্ৰীষ্টানৰ ওপৰত আক্ৰমণ! বাংগালুৰু গ্ৰাম্য জিলাত যীচুৰ প্ৰতিমূৰ্তি উৎখাত প্ৰশাসনৰ

March 5, 2020 8:18 am · এন ই নাও নিউজ
Updated: March 5, 2020 11:55 am

বাংগালুৰুৰ গ্ৰাম্য অঞ্চলৰ দেৱানাহিল্লীত অৱস্থিত যীচুৰ এটা প্ৰতিমূৰ্তি ভাঙি উৎখাত কৰে স্থানীয় প্ৰশাসনে।

যোৱা মঙলবাৰে স্থানীয় আৰক্ষীৰ সহায়ত বাংগালুৰু গ্ৰাম্য জিলা প্ৰশাসনে যীচুৰ প্ৰতিমূৰ্তিটো ভাঙি পেলায়। চৰকাৰী ভূমিত প্ৰতিমূৰ্তিটো থকাৰ বাবেই ভাঙি পেলোৱা হৈছে বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।

ইফালে স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে অভিযোগ কৰিছে যে স্থানীয় প্ৰশাসনে কোনো কাৰণ নোহোৱাকৈ যীচুৰ প্ৰতিমূৰ্তিটো ভাঙি পেলালে।

২০১৯ চনত চৰকাৰী নিয়মানুসাৰে জিলা উপায়ুক্তগৰাকীয়ে ৰাজহ বিভাগৰ হৈ খ্ৰীষ্টান ধৰ্মাৱলম্বীলোসকলক উক্ত ভূমিভাগ অপৰ্ণ কৰিছিল বুলি স্থানীয় লোকসকলে দাবী কৰিছে।

টি এন এম উপায়ুক্ত পি এন ৰবীন্দ্ৰই কয় ‘একাংশ লোকে ৰাজহ বিভাগৰ ভূমিত যীচুৰ প্ৰতিমূৰ্তিটো গঢ়ি তুলিছিল। কালি তহচিলদাৰ আৰু আৰক্ষীয়ে প্ৰতিমূৰ্তিটো তাৰ পৰা উঠাই দিয়ে।‘

ইফালে বাংগালুৰুৰ আৰ্ক বিশ্বপে কয় যে ‘যীচুৰ প্ৰতিমূৰ্তিটো উঠাই দিয়াটো বাংগালুৰু চহৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে বৰ দুখৰ বিষয়। যোৱা চাৰি পাঁচ বছৰ ধৰি উক্ত ভূমি ভাগ ব্যৱহাৰ কৰি অহাৰ পিছত ২০১৯ চনত চৰকাৰী নিয়ম অনুসৰি গীৰ্জাৰ বাবে আৱন্টন কৰা হৈছিল।’

উল্লেখ্য যে, যোৱা জানুৱাৰিত আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত বাংগালুৰু গ্ৰাম্য জিলাত অনুষ্ঠিত কৰা সমাৱেশৰ পিছৰ পৰাই খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ যীচু প্ৰতিমূৰ্তিটোক লৈ বিতৰ্কই গা কৰি উঠে।

Related News